লাহৰীঘাটত একশৰণ নামধৰ্ম জনজাতি সমাজৰ মহাপালনামৰ সামৰণি

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ চৰাইহাগী ভাতিবৰ দেউৰী সমন্বয় ক্ষেত্ৰত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা একশৰণ নামধৰ্ম জনজাতি সমাজ অসমৰ ৬০তম অধিবেশন তথা মহাপালনামৰ মহোৎসৱ কাৰ্যসূচী আজি সফল সামৰণf পৰে। লগে লগে নিজম পৰিল ভাতিবৰ দেউৰী সমন্বয় ক্ষেত্ৰ। ৩, ৪,আৰু ৫ ফেব্ৰুৱাৰীত প্ৰয়াত ভাতিবৰ দেউৰী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা একশৰণ নামধৰ্ম জনজাতি সমাজ, অসমৰ ৬০তম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন আৰু মহাপালনাম মহোৎসৱ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৩ ফেব্ৰুৱাৰীত পুৱা মণিকূট প্ৰতিষ্ঠা, খোল প্ৰসংগ, পুৱা প্ৰসংগৰ পিছতে বৃক্ষ ৰোপণ কাৰ্যসূচী সম্পন্ন হয়। ইয়াৰ পিছতে মূল তোৰণ আৰু দ্বাৰ উদ্বোধন কৰে তিৱা স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰীয়ে। মূল মঞ্চ উদ্বোধন কৰে একশৰন নামধৰ্ম জনজাতি সমাজৰ কাৰ্যকৰী সভাপতি বলেন দেউৰীয়ে। ইয়াৰ পিছত ক্ৰমে ভকত আদৰণি, মুকলি চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা, ভাগৱত পাঠ,কাৰ্যালয় মুকলিৰ পিছতে সেইদিন টোৰ অন্যতম কাৰ্যসূচী হিছাবে দুপৰীয়া এটি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। উক্ত ৰক্তদান শিবিৰত প্ৰায় ২৫জন লোকে ৰক্তদান কৰে। ৰক্তদান শিবিৰটো উদ্বোধন কৰে ভূৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰগোঁহায়ে। আনহাতে আবেলি অনুষ্ঠিত হয় এখন গ্ৰন্থ উন্মোচনী সভা। সভাখন উন্মোচক হিচাপে উপস্থিত থাকে বিহু সুৰক্ষা সমিতি, অসমৰ মৰিগাঁও জিলাৰ মুখ্য উপদেষ্টা মুনিন্দ্ৰ বাংঠাই। গ্ৰন্থ উন্মোচনী সভাৰ পাছতে আবেলি প্ৰতিনিধি সভা অনুষ্ঠিত হ’য়। নিশা অনুষ্ঠিত হয় লোক কৃষ্টি সংস্কৃতিৰ এক মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানটি উদ্বোধন কৰে লোকসংগীতৰ শিল্পী তথা অ’ এন জি চিৰ অভিযন্তা পুতুল চন্দ্ৰ হালৈয়ে। অনুষ্ঠানটিত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি অনুষ্ঠান পৰিবেশন কৰে লোকশিল্পী সাধন্তী ইনজলে। দ্বিতীয় দিনা ৪ ফেব্ৰুৱাৰীৰ পুৱা পৰিবেশ নিকাকৰণৰ পিছতে ধৰ্ম ধ্বজ্জা উত্তোলন কৰে একশৰণ নামধৰ্ম জনজাতি সমাজৰ পদাধিকাৰ দেৱজিত বৰদলৈয়ে। ইয়াৰ পিছতে ভাগৱত শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে কেবা সহস্ৰাধিক ভকত বৈষ্ণৱে। আবেলি ৩ বজাত পদাধিকাৰ দেৱজিত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হ’য় মুকলি সভা। মুকলি সভাত একশৰণ নামধৰ্ম জনজাতি সমাজৰ আগন্তুক দিনৰ কাৰ্যপন্হা সম্পৰ্কে বিশদ ভাৱে আলোচনা আগবঢ়াই সমাজৰ নেতৃস্থানীয় বক্তা সকলে। সভাখনত বিশিষ্ট অতিথি হিছাবে উপস্হিত থাকে লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰ, তিৱা স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰী, কাৰ্যবাহী সদস্য খগেন বৰদলৈ, মনোনীত সদস্য অজিত ডেকা আদি বহুকেইজন লোক। সভাখনত নিৰ্দিষ্ট বক্তাৰূপে সমাজৰ কেন্দ্ৰীয় প্ৰচাৰক ক্ৰমে বিনোদ দেউৰী আৰু বিজন পাতৰ উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সন্ধিয়া সমাজৰ ভকত বৈষ্ণৱ সকলৰ দিহানাম অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ সকলে অংশগ্ৰহণ কৰে। নিশা অধিবেশনৰ অন্যতম মূল কাৰ্যসূচী তথা মুকুট স্বৰূপ “মহা পালনাম” আৰম্ভ অনুষ্ঠিত হয়। এই মহা পালনামৰ কাৰ্যসুচী আজি পুৱা সামৰণি পৰে। পালনামৰ অন্তত আজি দুপৰীয়া ভকত বিদায় অনুষ্ঠানৰ লগতে আবেলি ধৰ্ম ধ্বজ্জা অৱতৰণেৰে একশৰণ নামধৰ্ম জনজাতি সমাজৰ অধিবেশন তথা মহাপালনাম মহোৎসৱৰ সামৰণি পৰে বুলি আদৰণী সমিতিৰ সম্পাদক পৰমানন্দ দেউৰীয়ে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

প্ৰেৰক আবুল কালাম

 

Featured