কলেৰাত মৃতকৰ পৰিয়াললৈ এককালীন সাহায্য লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ চলিত বৰ্ষৰ ২৫ এপ্ৰিলত লাহোৱালৰ মোকালবাৰী চাহ বাগিচাৰ গ্ৰাণ্ট লাইনৰ নিবাসী দীপক বাউৰীৰ পুত্ৰ ৰাহুল বাউৰী আৰু ৰাঙলিটিং চাহ বাগিচাৰ মাখনি বাউৰীৰ ডায়েৰীয়া ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লৈছিল ৷ কলেৰাত মৃত্যুবৰণ কৰা ৰাহুল বাউৰী আৰু মাখনি বাউৰীৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰাত বিধায়ক জনৰ অনুৰোধ ৰক্ষা কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই দুই মৃতকৰ পৰিয়াললৈ একলাখ টকাকৈ অৰ্থসাহায্য প্ৰদান কৰে৷ আজি পুৱাই লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই মৃত পৰিয়াল দুটাৰ ঘৰত উপস্থিত হৈ চেকযোগে একলাখ টকাকৈ অৰ্থসাহায্য প্ৰদান কৰে৷ বিধায়ক বিনোদ হাজৰিকাই পৰিয়াল দুটাক অৰ্থসাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীজনক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে মোৰ অনুৰোধ ৰক্ষা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা পুঁজিৰ বাবেই পৰিয়াল দুটাৰ চোতালত থিয় হৈ সহানুভতি জনাবলৈ সক্ষম হলোঁ।ইফালে ৰাহুল বাউৰী ৰেল বিভাগৰ দায়িত্বপ্ৰাপ্ত এটা কোম্পানীত কৰ্মৰত হৈ থাকোতেই আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। লগতে ৰাংলিটিং চাহ বাগিচাৰ মহিলা গৰাকীও সক্ৰমিত হৈ মৃত্যুক সাৱতি লৈছিল।বৰ্তমান অৱস্থাত অঞ্চলটোত এই ৰোগ বিয়পাৰ কোনো সম্ভাৱনা নাই। ইতিমধ্যে, স্বাস্থ্য বিভাগৰ তৎপৰতাত সমগ্ৰ অঞ্চলটো সংক্ৰমণমুক্ত কৰা হৈছে বুলিও বিধায়কজনে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

Featured