কলগাছিয়াৰ ক্ষুদ্ৰ কুছিত ভূমি বিবাদ

🔹 প্ৰচণ্ড মাৰপিটত পুৰুষ-মহিলাসহ চাৰিজন আহত

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানা আৰু কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ক্ষুদ্ৰ কুছি গাঁৱত শুকুৰবাৰে সন্ধিয়া ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। উল্লেখ্য যে ক্ষুদ্ৰ কুছি গাঁৱৰ প্ৰয়াত আজগৰ আলীৰ দুই সন্তান আব্দুল আজিজ আৰু চৌকাত আলীয়ে প্ৰায় পাঁচ বছৰ পূৰ্বে উত্তৰাধিকাৰী সূত্ৰে পোৱা পৈতৃক সম্পত্তি ভাগ-বাটৱাৰা কৰি লয় যদিও চৌকাত আলীয়ে নিজৰ ৮-৯ জন সন্তানৰ বলত শুকুৰবাৰে বলপূৰ্বক আব্দুল আজিজৰ মাটি বেদখল কৰিবলৈ আজিজৰ মাটিত গছপুলি ৰোপণ কৰিবলৈ যায়। ফলত আব্দুল আজিজৰ পৰিয়ালে বাধা প্ৰদান কৰাত দুই ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। মাৰপিটত আব্দুল আজিজৰ পৰিয়ালৰ ৰকিবুল ইছলাম, আজমিনা পাৰবিন, জয়নব খাতুন আৰু আব্দুল আজিজ গুৰুতৰভাৱে আহত হয়। সম্প্ৰতি আহতসকল কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ লগতে ভুক্তভোগী পৰিয়ালটোৱে থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। ৰাইজে উক্ত ভূমি বিবাদ মীমাংসা কৰি শান্তি প্ৰতিষ্ঠা কৰি দিবলৈ কলগাছিয়াৰ চক্ৰ বিষয়া আৰু জিলা প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে।

প্ৰেৰক মফিদুল ইছলাম

Featured