ধুবুৰীত চৰাঞ্চলৰ ৰোগীৰ বাবে দুখন নৌকা এম্বুলেঞ্চ আৰম্ভ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ অইল ইণ্ডিয়া লিমিটেডৰ ক’ৰ্প’ৰেট সামাজিক দায়বদ্ধতা(চি এছ আৰ) কাৰ্যসূচীৰ অধীনত ক্ৰয় কৰা দুখন নৌকা এম্বুলেন্স আজি ধুবুৰী জিলা প্ৰশাসনে বি এছ এফৰ ৱাটাৰ উইঙক হস্তান্তৰ কৰে৷ ধুবুৰী টাউনৰ ৩ নং বালুচৰত থকা ৱাটাৰ উইঙৰ ঘাটত ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, বি এছ এফৰ ধুবুৰী ছেক্টৰৰ ডি আই জি জে চি নায়কে মাংগলিক অনুষ্ঠানৰ জৰিয়তে নৌকা এম্বুলেন্স দুখন মুকলি কৰে৷ ইয়াৰ পিছতে জিলা উপায়ুক্তৰ উপস্থিতিত ধুবুৰী জিলা প্ৰশাসনৰ হৈ জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস আৰু বি এছ এফৰ হৈ ৱাটাৰ উইঙৰ অফিছাৰ কামাণ্ডিং জি বি পাঠকে এখন বুজিবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ ২০১৯-২০ বৰ্ষত অইল ইণ্ডিয়া লিমিটেডৰ ক’ৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ প্ৰায় ৫০ লাখ টকাৰে ক্ৰয় কৰা নৌকা এম্বুলেন্স দুখন ধুবুৰীৰ চৰ অঞ্চলৰ ৰোগীক মূল ভূখণ্ডৰ চিকিৎসালয়লৈ অনাত ব্যৱহাৰ কৰা হ’ব৷ এম্বুলেন্স দুখনৰ চলাচলকে ধৰি সামগ্ৰিক পৰিচালনাত বি এছ এফ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান জড়িত থাকিব৷ এম্বুলেন্স দুখন পাতামাৰি আৰু নিউ দেৱানেৰ আলগা চৰত ৰখোৱা হ’ব৷ চৰ অঞ্চলৰ ৰাইজে প্ৰয়োজনত সমীপৰ বি এছ এফ কেম্প বা বি অ’ পিত যোগাযোগ কৰি নৌকা এম্বুলেন্সৰ সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি বি এছ এফৰ ডি আই জি জে চি নায়কে সদৰি কৰে৷

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured