কলগাছিয়াত বজ্ৰপাতত নৱম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৬ মে’ : কলগাছিয়াৰ সত্ৰ মইনবৰীত বজ্ৰ পৰি ছফেৰ আলীৰ জীয়ৰী নুৰেজা খাতুন (১৪) নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। কালি কলগাছিয়াৰ সাওৰাচৰাত বজ্ৰ পৰি মাতৃ-কন্যাৰ মৃত্যু হোৱাৰ পিছত আজি আকৌ সত্ৰ মইনবৰীত এই অঘটন সংঘটিত হয় । মাতৃৰ সৈতে বেঁকী নৈৰ পাৰৰ পৰা গৰু আনি থকাৰ সময়ত বজ্ৰ পৰাত কিশোৰীগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়। ওচৰৰে বৰভিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত আছিল মৃত ছাত্ৰীগৰাকী।ছাত্ৰীগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে। চৰকাৰলৈ ছাত্রীগৰাকীৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্য দিবলৈ স্থানীয় ৰাইজে কাতৰ অনুৰোধ জনাইছে।

প্ৰেৰক মফিদুল ইছলাম

Featured