ভূৰাগাঁৱৰ বৰহলৌকান্দাত লুইতৰ খহনীয়াৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা,  ২৯ জুন : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰহলৌকান্দাত লুইতৰ খহনীয়াৰ বিধ্বংসী তাণ্ডৱ অব্যাহত আছে । বৰহলৌকান্দাত কিছুদিন ধৰি লুইতৰ খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে। চলিত বৰ্ষতেই খহনীয়াত এই অঞ্চলৰ শতাধিক পৰিয়াল গৃহহীন হৈছে। ইয়াৰ উপৰি নিৰাপদ আশ্ৰয় বিচাৰি বহু পৰিয়ালে বিভিন্ন ঠাইলৈ ঢাপলি মেলিছে। এই বিধ্বংসী খহনীয়াত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি। আনহাতে, বৰহলৌকান্দাৰ বহু পুৰণি ঈদগাহ ময়দানৰ নিচেই কাষতে খহনীয়া অব্যাহত থকাত ৰাইজৰ মাজত হাহাকাৰ লাগিছে। কিয়নো এইদৰে খহনীয়া অব্যাহত থাকিলে যিকোনো মহুৰ্তত ঈদগাহ ময়দান জাহ যোৱাৰ সম্ভাৱনা আছে। ইমানৰ পিছতো জিলা জলসম্পদ বিভাগে বৰহলৌকান্দাত অব্যাহত থকা খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ লাগিছে। এইদৰে খহনীয়া অব্যাহত থাকিলে বৰহলৌকান্দাত আৰু শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে শ শ বিঘা কৃষিভূমি জাহ যোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে কেইদিনমান পূৰ্বে টেঙাগুৰি কছাৰী গাঁৱত খহনীয়াই বিধ্বংসী ৰূপ লোৱাত মৰিগাঁও জিলা জলসম্পদ বিভাগে জিঅ’ বেগেৰ কাম কৰাত সেই অঞ্চলত খহনীয়াৰ প্ৰকোপ কমিছে। বৰহলৌকান্দাত জিলা জলসম্পদ বিভাগক জিঅ’ বেগেৰে কাম কৰিবলৈ নৈপৰীয়া ৰাইজে আহ্বান জনাইছে।

প্ৰেৰক আবুল কালাম

Featured