মহাজোঁটত আসন বুজাবুজিক লৈ সংকট কংগ্রেছে আৰম্ভই কৰিব পৰা নাই প্রার্থী বাছনি

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ  ৰাজ্যখনত অহা ২৭ মার্চত প্রথম পর্যায়ত ৪৭টা সমষ্টিত হ’বলগীয়া নির্বাচনৰ বাবে কাইলৈ নির্বাচনী অধিসূচনা প্রকাশ পাব৷ সেই অনুসৰি আজিৰে পৰা প্রার্থীসকলে মনোনয়ন–পত্র দাখিল কৰিব পাৰিব৷ প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহত মনোনয়ন দাখিলৰ অন্তিম দিন অহা ৯ মার্চ৷ পিছে এই মুহূর্তলৈ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে প্রার্থী বাছনি প্রক্রিয়াই আৰম্ভ কৰিব পৰা নাই৷ মহাজোঁটৰ এক সূত্রই জানিবলৈ দিয়া মতে, কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীৰ অসম ভ্রমণৰ পৰিপ্রেক্ষিতত মহাজোঁটৰ বিগ ব্রাদাৰ কংগ্রেছ নেতৃত্ব বর্তমান ব্যস্ত হৈ আছে আজিৰ দিনটোৰ প্রিয়ংকা গান্ধীৰ কার্যসূচীৰ বাবে৷ ইয়াৰ পাছতহে প্রথম পর্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিসমূহত প্রার্থী বাছনিৰ বাবে মহাজোঁটৰ বৈঠক অনুষ্ঠিত হ’ব৷ মহাজোঁটৰ অংশীদাৰ দলৰ নেতৃত্বৰ সৈতে আসন বুজাবুজি চূড়ান্ত হোৱাৰ পাছত কংগ্রেছে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া আসনকেইখনৰ বাবে প্রদেশ কংগ্রেছৰ নির্বাচন কমিটীয়ে প্রার্থিত্বৰ পেনেল প্রস্তুত কৰিব৷ পৰৱর্তী পর্যায়ত নিখিল ভাৰত কংগ্রেছ কমিটীৰ স্ক্রীনিং কমিটীয়ে প্রার্থী তালিকা যুগুতাব৷ তাৰ পাছত ছোনিয়া গান্ধী নেতৃত্বাধীন এ আই চি চিৰ নির্বাচন কমিটীয়ে চূড়ান্ত প্রার্থী তালিকাত অনুমোদন দিব৷ অসমৰ প্রার্থীৰ তালিকা যুগুতোৱাৰ বাবে এ আই চি চিয়ে আজি পৃথিৱীৰাজ চৱনক অধ্যক্ষ, কমলেশ্বৰ পেটেল আৰু দীপিকা পাণ্ডে সিঙক সদস্য হিচাপে লৈ স্ক্রীনিং কমিটীখন গঠন কৰি দিছে৷ স্ক্রীনিং কমিটীত পদেন সদস্য হিচাপে প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, সভাপতি ৰিপুণ বৰা, বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া, এ আই চি চিৰ সম্পাদক অনিৰুদ্ধ সিং, পৃথিৱীৰাজ প্রভাকৰ সাথে আৰু বিকাশ উপাধ্যায়ক নিয়োগ কৰিছে৷ সেই অনুসৰি প্রথম পর্যায়ৰ নির্বাচনৰ বাবে কংগ্রেছৰ প্রার্থী তালিকা অহা ৭ অথবা ৮ মার্চতহে প্রকাশ পাব৷

ইপিনে কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, প্রথম পর্যায়ৰ নির্বাচনৰ ক্ষেত্রত বটদ্রৱা, বোকাখাত, শিৱসাগৰ, নাওবৈচা আৰু বিহালী সমষ্টিক লৈ জটিলতা অব্যাহত আছে৷ আঞ্চলিক গণ মঞ্চই বটদ্রৱা আৰু বোকাখাত সমষ্টি বিচাৰিছে৷ বটদ্রৱা সমষ্টিটো কংগ্রেছৰ লগতে এ আই ইউ ডি এফ দলেও বিচাৰি আছে৷ সেইদৰে শিৱসাগৰ সমষ্টিটো অংশীদাৰ দল চি পি আয়ে বিচাৰে৷ কিন্তু কংগ্রেছে শিৱসাগৰ এৰি দিয়াৰ পক্ষপাতী নহয়৷ অনুৰূপ ধৰণে বর্তমান এ আই ইউ ডি এফৰ দখলত থকা নাওবৈচা সমষ্টিটোত এইবাৰ কংগ্রেছ সবল দাবীদাৰ৷ একেদৰে বিহালী সমষ্টিটো এইবাৰ বিচাৰিছে চি পি আই (এম এল)এ৷ দলীয় সূত্রটোৱে প্রকাশ কৰা অনুসৰি মহাজোঁটৰ অংশীদাৰ দলৰ মাজত আসন বুজাবুজি নিষ্পত্তি হোৱাৰ পাছতেই কার্যতঃ কংগ্রেছৰ প্রার্থী বাছনি প্রক্রিয়া আৰম্ভ হ’ব৷ এইক্ষেত্রত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ অন্তিম স্থিতিৰ বাবেও কংগ্রেছে প্রার্থী বাছনিৰ প্রক্রিয়া বিলম্ব কৰি থকাৰ বিষয়ে জানিবলৈ দি মহাজোঁটৰ এক সূত্রই কয় যে যদিহে নৱগঠিত আঞ্চলিক দল দুটা মহাজোঁটৰ অংশীদাৰ নহ’লেও বিজেপিক উৎখাতৰ স্বার্থত কৌশলগত আসন বুজাবুজিত উপনীত হয়, তেতিয়াহ’লে স্বাভাৱিকতে ইতিপূর্বে ঘোষণা কৰাৰ দৰে অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিত কংগ্রেছে প্রার্থিত্ব দিয়াৰ পৰা বিৰত থাকিব৷ সেয়ে কংগ্রেছে প্রার্থী বাছনি প্রক্রিয়াটো অন্তিম মুহূর্তলৈ নিয়াৰ পোষকতা কৰি আহিছে৷ এই সম্পর্কত সূত্রটোৱে কয় যে যিকোনো নির্বাচনতেই কংগ্রেছে সদায় মনোনয়ন দাখিলৰ অন্তিম ক্ষণতহে চূড়ান্ত প্রার্থী তালিকা প্রকাশ কৰি আহিছে৷ প্রার্থিত্বকেন্দ্রিক আভ্যন্তৰীণ ক্ষোভ–সংঘাত–সন্তু নিৰাময়ৰ বাবে কংগ্রেছে সদায় সেই কৌশল অৱলম্বন কৰে৷
অজাপ–ৰাইজৰ দলক সকীয়নি খালেকৰঃ 
মহাজোঁটৰ প্রতি সদিচ্ছা নেদেখুৱালে লুৰিণজ্যোতি–খিলৰ বিৰুদ্ধে প্রার্থিত্ব দিব কংগ্রেছে
মহাজোঁটৰ প্রতি সদিচ্ছা নেদেখুৱালে অজাপৰ লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈৰ বিৰুদ্ধে কংগ্রেছে প্রার্থিত্ব দিব৷ সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰি সাংসদ আব্দুল খালেকে কয় যে সদিচ্ছা দেখুৱালেহে তেওঁলোকে সদিচ্ছা পাব৷ নহ’লে তেওঁলোকৰ বিৰুদ্ধেও কংগ্রেছে প্রার্থিত্ব দিব৷ কংগ্রেছৰ বিৰুদ্ধে যদি অজাপ আৰু ৰাইজৰ দলে প্রার্থিত্ব দিয়ে, তেতিয়াহ’লে তেওঁলোকৰ বিৰুদ্ধেও কংগ্রেছে প্রার্থিত্ব দিব৷ বিজেপিক সহায় কৰিবলৈ তেওঁলোকক কংগ্রেছে সুবিধা নিদিয়ে৷

Featured