কামৰূপৰ বংশৰত ডাম্পাৰে মহটিয়ালে মহিন্দ্ৰা এক্সইউভি

বিশেষ বাৰ্তা, ২৮ জানুৱাৰী : কামৰূপৰ শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত শুৱালকুছি-শিঙিমাৰী পথৰ বংশৰত কালি গুৱাহাটীৰ পৰা শুৱালকুছি অভিমুখী এ এছ ০১ এফ বি ৫৪৬৬ নম্বৰৰ মহিন্দ্ৰা এক্স ইউ ভি বাহন এখনক একে দিশৰ পৰা গৈ থকা এ এছ-২৫ এফ চি-৪২৮৫ নম্বৰৰ বালিভৰ্ত্তি ডাম্পাৰ এখনে তীব্ৰ জোৰে খুন্দা মৰাৰ ফলত মহিন্দ্ৰা এক্স ইউ ভিখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে আৰু বাহনখনৰ যথেষ্ট ক্ষতি হয়। দুৰ্ঘটনাটিত মহিন্দ্ৰা এক্স ইউ ভিৰ এগৰাকী যাত্ৰীৰ লগতে পথৰ দাঁতিত ৰৈ থকা এগৰাকী ছাত্ৰী আহত হয়। আহত দুয়োগৰাকীকে শুৱালকুছি মহাত্মা গান্ধী ৩০খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। শিঙিমাৰী-শুৱালকুছি পথত নিয়ন্ত্ৰণহীন ডাম্পাৰৰ অতপালি ৰোধ কৰাৰ বাবে স্থানীয় ৰাইজে জিলা প্ৰশাসনক দাবী জনাই আহিছে। তথাপি কামৰূপ জিলা প্ৰশাসন তথা পৰিবহণ বিভাগৰ নিৰ্লিপ্ততাত অঞ্চলটোৰ শুৱালকুছি-শিঙিমাৰী সংযোগী ৰাজপথত দিনে-নিশাই ডাম্পাৰৰ দৌৰাত্ম্য অব্যাহত আছে। বিগত সময়ছোৱাত ডাম্পাৰৰ খুন্দাত বৃহত্তৰ পূৱ বংশৰ অঞ্চলত কেইবাজনো লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হ’বলগীয়া হৈছে বহুজন ৷ তীব্ৰবেগী ডাম্পাৰে পৰিবহণ আই ভংগ কৰি নিজ মইমতালিৰে ৰাজপথত ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ তথাপি সংশ্লিষ্ট বিভাগসমুহ মৌন হৈ থকাত স্থানীয় দল-সংগঠন তথা সচেতন ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷

প্ৰেৰক দিলীপ মেধি

Featured