শুৱালকুছি ৰাস মহোৎসৱৰ মুখ্য দ্বাৰ মুকলি মৃণালিনী দেৱীৰ

🔴বৰ্তমানৰ ৰাস মহোৎসৱক আধ্যাত্মিকতাৰ পৰিৱৰ্তে যান্ত্ৰিকতা আৰু বাহ্যিকতাই গ্ৰাস কৰিবলৈ লৈছে

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰঃ বিশাল বিশ্ব জগতখনৰ পৰিচালিকা শক্তিটোৰ নামটোৱে হল ভগৱান শ্ৰীকৃষ্ণ। তেৱেঁই সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ হেতু ৷ শ্ৰীকৃষ্ণৰ পূৰ্ণ অৱতাৰ স্বয়ং ভগৱান ৷ ঐশ্বৰ্য, যশস্যা, বীৰ্য, শ্ৰীজ্ঞান, বৈৰাগী ইত্যাদি গুণৰ অধিকাৰী তেওঁ ৷ এক অব্যক্ত অনাদি অনন্ত নিৰ্গুণৰ অধিকাৰী ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ মনৰ আশা পূৰণৰ বাবেই যমুনাপাৰত শৰৎ কালৰ মনমোহা ৰাত্ৰি বৃন্দাবনৰ মাজত ৰাসক্ৰীড়া পাতি মানৱীয় প্ৰেম প্ৰীতি ভালপোৱাৰ নিদৰ্শন দাঙি ধৰিছিল ৷ এইদৰে ৰাসৰ বিভিন্ন তাৎপৰ্য দাঙি ধৰে বিশিষ্ট মহিলা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেবীৰ ৷ আজি শুৱালকুছি ৰাস মহোৎসৱৰ মুখ্যদ্বাৰ মুকলি কৰি তেওঁ পুনৰ কয় যে বৰ্তমান ৰাস মহোৎসৱসমূহত আধ্যাত্মিকতাৰ পৰিৱৰ্তে যান্ত্ৰিকতা আৰু বাহ্যিকতাই গ্ৰাস কৰা পৰিলক্ষিত হৈছ ৷ যত ৰাসৰ উদ্দেশ্য ক্ৰমাগতভাৱে নাইকিয়া হবলৈ ধৰিছে ৷ আমি শ্ৰীকৃষ্ণক পুনৰ এবাৰ ভাৰতবৰ্ষত অৱতাৰ হৈ প্ৰকৃত ৰাসৰ উদযাপনৰ তাৎপৰ্য দাঙি ধৰিব বুলি প্ৰৰ্থনা জনাইছোঁ ৷ তেওঁ ভাষণত ৰাস বিভিন্ন দিশৰ ওপৰত এক তত্ত্বগধুৰ সময়োপযোগী গুৰুত্বপূৰ্ণ বক্তব্যৰে উপস্থিত সকলোকে আকৰ্ষিত কৰে ৷ ৰাস উদযাপন সমিতিৰ সভাপতি ৰাজীৱ দাসে বিশিষ্ট মহিলাগৰাকীক গামোচা, শৰাই আৰু জাপিৰে আদৰণি জনায় ৷ ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে হাটীসত্ৰ সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্তই ৷ সত্ৰাধিকাৰগৰাকীকো সমিতিৰ তৰফৰ পৰা শৰাই গামোচা জাপিৰে আদৰণি জনায় ৷ অনুষ্ঠান জ্যেষ্ঠ নাগৰিক দীনেশ চন্দ্ৰ বৈশ্য, ৰমেন ভৰালী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

প্ৰেৰক দিলীপ মেধি

Featured