ইভিএমত বন্দী হল সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰীৰ ভাগ্যঃ ১০ মাৰ্চত চূড়ান্ত হব কোন হব মাজুলীৰ পৰৱৰ্তী জনপ্ৰতিনিধি

নিয়মীয়া বাৰ্তা, ৭,মাৰ্চঃ মাজুলীৰ উপ-নিৰ্বাচনৰ আজি পুৱা ৭ বজাৰ পৰা ক’ভিড বিধিৰ মাজেৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হয়। এই লৈ পুৱা ৬ বজাৰ পৰাই মাজুলীৰ মুঠ ২০৩ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰ সকলে শাৰী পতা পৰিলক্ষিত হয়। পুৱাই বিজেপিৰ প্ৰাৰ্থী ভুবন গামে সদৰ গড়মূৰৰ শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মন্দিৰত সেৱা লয়। ইয়াৰ পিছতে প্ৰাৰ্থী গামে মাতৃৰ সমাধিস্থলীত সেৱা লোৱাৰ লগতে ফুটুকী স্থিত স্বগৃহত উপস্থিত হৈ পিতৃৰ চৰন চুই আৰ্শীবাদ লৈ পুৱা ৭ বজাতে আঠীয়াগুৰি ভোট কেন্দ্ৰত ভোটধিকাৰ সাব্যস্ত কৰে। ইফালে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়েও নীলকণ্ঠ শিৱ মন্দিৰত পুৱাই উপস্থিত হৈ সেৱা লোৱাৰ লগতে গড়মূৰ সত্ৰস্থিত আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰৰ ভোটাৰৰ লগত কথাৰ আদান প্ৰদান কৰি গড়মূৰ সত্ৰত সেৱা গ্ৰহণ কৰে। বিষ্ণুপুৰ অংগনবাদী চেন্টাৰ ভোটকেন্দ্ৰত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে পুৱাৰ ভাগতে ভোটাধিকাৰ সাব্যস্ত কৰে। ইফালে পুৱাৰ ভাগতে মধ্য মাজুলী জনজাতি হাইস্কুল ভোট কেন্দ্ৰ,বৰবিল হাইস্কুল,আঠিয়াচুক মিচিং প্ৰাথমিক বিদ্যালয়,গড়মূৰ আদৰ্শ ভোট কেন্দ্ৰ,আউনীআটী হাইস্কুলৰ দুটা ভোট কেন্দ্ৰ,৫নং লাহলিয়াল প্ৰাথমিক বিদ্যালয়,২ নং ওপৰকাটনি প্ৰাথমিক বিদ্যালয়,নাৰায়ণ চন্দ্ৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়,১ নং বুনিয়াদী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা বিয়লি ১১ বজালৈকে ভোটাৰে ভিৰ কৰে যদিও বিয়লি ১২ বজাৰ পৰা ভোটাৰৰ সেৰেঙা উপস্থিতি পৰিলক্ষিত হ’ল। মধ্য মাজুলী পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয় (মহিলা) ভোট গ্ৰহণ কেন্দ্ৰ, কেশৱৰাম বৰা উচ্চ মাধ্যমিক বিদ্যালয় ( আদৰ্শ )মহিলা ভোট গ্ৰহণ কেন্দ্ৰতো ভোটাৰৰ উপস্থিতি সেৰেঙা পৰিলক্ষিত হয়।নামনি মাজুলীৰ শ্ৰীলুইত হাইস্কুল,বালিচাপৰি এল পি স্কুল,খাৰজান পাৰ হাইস্কুল,কাকৰিকতা এল পি স্কুল,কৰ্দৈগুৰি,ভকতচাপৰি আদি ভোট কেন্দ্ৰ সমূহতো ভোট দানৰ হাৰ পূৰ্বৰ নিৰ্বাচনতকৈ হ্ৰাস পায়। উজনি মাজুলীৰ ১১৫ নং ভকতি দুৱাৰ এম ই, ১১৬ নং ভকতিদুৱাৰ হাইস্কুলত ১ বজালৈকে ভোটাৰৰ ভিৰ আছিল যদিও শেষৰ ফাললৈ ভোটাৰৰ উপস্থিতি কম দেখা গ’ল। অন্যহাতে বৰবিল হাইস্কুলত প্ৰায় ৭০%, নেহৰু স্মৃতি প্ৰাথমিক বিদ্যালয়ত প্ৰায় ৬০% ভোট দান হোৱাৰ খবৰ পোৱা গৈছে। ৰতনপুৰ মিৰি হাইস্কুল, জোনাকী হাইস্কুল , ফুটচাং এল পি, পানীখাটি এল পি,ৰতনপুৰ মিৰি গাৰ্লচ , সোনোৱাল কছাৰী এল পি স্কুল,মাজৰ দেউৰী জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়,জেংৰাইমূখ হাইস্কুল ভোট গ্ৰহণ কেন্দ্ৰতো পূৰ্বৰ তুলনাত ভোটাৰ ৰাইজৰ উৎসাহ কম দেখা গ’ল। দৰিয়া এম ভি স্কুল,১ নং কমলাবাৰী এল পি স্কুল,কেৰেলা গাওঁ স্থিত শংকৰ জ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়তো ভোটাৰ ৰাইজৰ সেৰেঙা উপস্থিতি পৰিলক্ষিত হয়। ইফালে দক্ষিণপাট অঞ্চলৰ দক্ষিণপাট সত্ৰ হাইস্কুল, দক্ষিণপাট কলিতা গাওঁ এল পি স্কুল,দক্ষিণ পাট কুমাৰ গাওঁ এল পি স্কুল ভোট কেন্দ্ৰতো ভোটাৰ ৰাইজৰ ভিৰ পৰিলক্ষিত নহল। সেইদৰে বনগাও অঞ্চলৰ বনগাও এম ভি স্কুল, বনগাও ছোৱালী হাইস্কুল,মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰ সমূহতো ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে। সকলো ভোট গ্ৰহণ কেন্দ্ৰতে থাৰ্মেল স্কেনাৰ, চেনিটাইজাৰ,পি পি ই কিট,হেণ্ড গ্লভকে আদি কৰি বিভিন্ন কভিড সামগ্ৰী প্ৰয়োগেৰে ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰে। এইবাৰ মাজুলীত ১৫ টা মহিলা ভোট গ্ৰহণ কেন্দ্ৰও আছিল।উক্ত কেন্দ্ৰ সমূহত মুঠ ৬০ গৰাকী মহিলা পুলিং বিষয়াক নিয়োগ কৰা হৈছিল।মহিলা ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত মহিলা পুলিং,প্ৰিজাইডিং বিষয়া সকলে নিজে একোটা একোটা ভোটকেন্দ্ৰ পৰিচালনা কৰিবলৈ পাই আনন্দিত বুলি মত ব্যক্ত কৰে।মাজুলীত ৩ টা আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰৰো ব্যৱস্থা কৰা হৈছিল। আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ সমূহত নতুন ভোটাৰ সকলক দেশৰ নাগৰিকত্ব লাভৰ মুহূৰ্তত এগৰাকী সফল নাগৰিক হোৱাৰ বাবে ভোটদানৰ পিছতে উক্ত কেন্দ্ৰ সমূহৰ তৰফৰ পৰা উপহাৰেৰে উৎসাহিত কৰে। এইবাৰ মাজুলীত বিশেষ কোনো স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ নাছিল যদিও মাজুলীৰ দুই এটা ভোটগ্ৰহন কেন্দ্ৰত ই ভি এমৰ যান্ত্ৰিক বিজুতি হৈছিল যদিও প্ৰশাসনে তৎপৰতাৰে অন্য ই ভি এমৰ সহায়েৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত ৰাখে। এই লৈ সমষ্টিটোত ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণ বুলি কব পাৰি। যোৱাবাৰ মাজুলীৰ মুঠ ১৯৫ টা ভোট গ্ৰহণ কেন্দ্ৰত পুৰুষ আৰু মহিলা ভোটাৰ মিলি মুঠ ভোট পল হৈছিল ১,০৪,৭০৪ টা।ইয়াৰে ৫৩,৩২০ পুৰুষ ভোটাৰ আৰু ৫১৩৮৪ গৰাকী মহিলা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল।এই লৈ মাজুলীত যোৱাবাৰ ভোটদানৰ হাৰ হৈছে প্ৰায় ৮০%। কিন্তু এইবাৰ মাজুলীৰ মুঠ ২০৩ টা ভোট গ্ৰহণ কেন্দ্ৰ থকাৰ উপৰিও জিলা খনত এইবাৰ মুঠ ভোটাৰ সংখ্যা হৈছে ১,৩৩,২২৭। ইয়াৰে পুৰুষ ভোটাৰ সংখ্যা হৈছে ৬৭,৮১৯ গৰাকী আৰু মহিলা ভোটাৰ সংখ্যা হৈছে ৬৫,৪০৮। জিলা খনত চাৰ্ভিছ ভোটাৰ সংখ্যা হৈছে ৪০০ গৰাকী। জিলা খনত ৭ গৰাকী ডি ভোটাৰো আছিল। ভোটগ্ৰহন প্ৰক্ৰিয়া পাঁচ বজাত অন্ত পৰাৰ পিছত সন্ধিয়া ৫ বজালৈকে উপ-নিৰ্বাচনৰ ভোটদানৰ হাৰ ৬৬.১৬%। কিন্তু বাতৰি লিখা পৰ্যন্ত লৈকে চৰ অঞ্চলৰ মাজুলীৰ মুঠ ২১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত যোৰহাট, গোলাঘাট, শিৱসাগৰ, লক্ষীমপুৰ আৰু ধেমাজীৰ সীমামূৰীয়া ১৬ খন দূৰনিবটিয়া ভোট গ্ৰহণ কেন্দ্ৰৰ ভোটদানৰ হাৰ গম পোৱা নাই। মাজুলী উপ-নিৰ্বাচনত এইবাৰ বিজেপিৰ ভুবন গাম,অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী আৰু চচিয়েলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়া ( কমিউনিষ্ট )দলৰ ভাইটি ৰিছংৰ ভাগ্য আজিৰে পৰা ইভিএমত বন্দী হল। ২টা দিনৰ অপেক্ষাৰ পিছত অহা ১০ মাৰ্চত মাজুলী উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতহে কোনে আচলতে শেষ হাঁহি মাৰিব সেইটো স্পষ্ট হ’ব।

প্ৰেৰক ৰূপজ্যোতি বৰা