মাজুলীত বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

🔹 আইআইটিৰ বিশেষজ্ঞৰ দ্বাৰা অধ্যয়নৰ পিছত শৈলস্পাৰ নিৰ্মাণৰ আশ্বাস

নিয়মীয়া বাৰ্তা, ৪ জুলাই : মাজুলীৰ মথাউৰিৰ বাহিৰৰ প্ৰায় ৮৩খন গাঁৱৰ লগতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে যোৱা ১ জুলাইত কমলাবাৰী-পহুমৰা সংযোগী মথাউৰিৰ জুগুনিধাৰী অংশ উটুৱাই লৈ যোৱাৰ ফলত ছিগা অংশত থকা পাঁচঘৰকৈ লোকৰ বাসগৃহ বিস্তৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মথাউৰিৰ ভিতৰ অংশৰো বিভিন্ন গাঁও প্লাৱিত হোৱাৰ পিছত কালি ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছত আজি মাজুলীৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড়ৰ পৰা জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে স্থলপথেৰে মাজুলীত উপস্থিত হৈ পোনেই মুখ্যমন্ত্ৰীগৰাকীয়ে হালধিবাৰী-বেচামৰা মথাউৰিৰ কঢ়ালগাঁৱৰ স্পৰ্শকাতৰ অংশ পৰিদৰ্শন কৰে। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ জুগুনিধাৰীৰ ছিগা অংশত উপস্থিত হয়। জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মন্ত্ৰী ডাঃ ৰণোজ পেগুৰে ছিগা অংশ পৰিদৰ্শন কালত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীও উপস্থিত হৈ বিশেষকৈ আউনীআটী সত্ৰৰ এলেকাৰ জুগুনিধাৰী গাঁৱৰ সমীপত থকা টুনী সুঁতিৰ সন্মুখত এটা শৈলস্পাৰ নিৰ্মাণ কৰি বৃহত্তৰ আউনীআটী অঞ্চলৰ লগতে নামনি মাজুলীৰ জনজীৱনক নিৰাপত্তা প্ৰদান কৰিবলৈ আহ্বান জনায়। উক্ত আহ্বানৰ পিছতেই ছিগা অংশৰ পাৰতে বিভাগীয় বিষয়া-অভিযন্তাৰ সৈতে মুখ্যমন্ত্ৰীয়ে উক্ত বিষয়ক লৈ এক বিস্তৃত আলোচনা কৰে। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয় যে ছিগা অংশৰ কাষতেই আউনীআটী সত্ৰখন আছে। গতিকে ভৱিষ্যতে আউনীআটী সত্ৰৰ প্ৰতিও ভাবুকি আহিব পাৰে বুলি ৰাইজে আশংকা কৰিছে। গতিকে স্থানীয় ৰাইজৰ কথাসমূহো আমি শুনি আজিৰে পৰাই জিঅ’ মেগা টিউবৰ দ্বাৰা ছিগা অংশৰ কাম আৰম্ভ কৰিছোঁ। আগন্তুক প্ৰায় এসপ্তাহৰ ভিতৰতে উক্ত ছিগা মথাউৰিৰ অংশ নিৰ্মাণ কৰি দিয়া হ’ব আৰু ৰাইজৰ যাতায়াতৰ বাবে পুনৰ মুকলি কৰি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইফালে, ব্ৰহ্মপুত্ৰৰ এটা সুঁতি টুনী নদীৰে মিলি জুগুনিধাৰীৰ ফালে সোমাই অহা সন্দৰ্ভত ভৱিষ্যতে হ’ব পৰা সম্ভাব্য বিপদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ভৱিষ্যতৰ দিনত ৰাইজৰ যাতে উক্ত সুঁতিৰ পৰা বিপদ নহয়, তাৰ বাবে জলসম্পদ বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব। ইফালে, ছিগা অংশৰ পানীয়ে জুগুনিধাৰী গাঁৱৰ মুঠ ৫ ঘৰকৈ লোকক সৰ্বস্বান্ত কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে আৰু যদি কিবা থাকে মাজুলীৰ বিধায়কে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে‌। ইফালে, হালধিবাৰী-বেচামৰা মথাউৰিৰ কঢ়ালগাঁও অংশত শেহতীয়াকৈ উঁহ দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে মই আজি প্ৰথমেই উক্ত মথাউৰিটো পৰ্যবেক্ষণ কৰি আহিছোঁ। মথাউৰিটোৰ বিভিন্ন অংশত পানীৰ উঁহ দিছিল। মথাউৰিটো বহু দিন সবলীকৰণৰ কাম হোৱা নাছিল। গতিকে আমি মথাউৰিটো শক্তিশালী কৰাৰ বাবে চেষ্টা কৰিম। ইফালে, কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ বান বিধ্বস্ত জিলাসমূহত ৰাজ্যৰ মন্ত্ৰীসকলক বাহৰ পাতি পৰিস্থিতি অধ্যয়ন কৰাৰ সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰে পৰা মাজুলীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তিনিটাকৈ দিন বাহৰ পাতি মাজুলীৰ অন্যান্য স্পৰ্শকাতৰ ঠাইসমূহ মাজুলীৰ বিধায়কৰ লগত পৰ্যবেক্ষণ কৰিব। ইফালে, জুগুনিধাৰী দিশলৈ ওলাই অহা ব্ৰহ্মপুত্ৰৰ সুঁতিটোক ভেটা দি এটা শৈল স্পাৰ নিৰ্মাণ কৰিবলৈ বিশেষকৈ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে আজি ছিগা অংশ পৰিদৰ্শনৰ থলীতে মুখ্যমন্ত্ৰীক আহ্বান জনোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- সত্ৰাধিকাৰ প্ৰভুৰ পৰামৰ্শটো আমি গ্ৰহণ কৰিছোঁ, কিন্তু কাম কৰাৰ আগতে আই আই টিৰ বিশেষজ্ঞৰ দ্বাৰা বিষয়টো অধ্যয়ন কৰাই কাম কৰিলে কামৰ ভাল ফল পোৱা যাব বুলি উল্লেখ কৰে। ইফালে, অসমৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্ৰতি অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। যদি আৰু বৰষুণ নাহে দুই-তিনি দিনৰ ভিতৰত মানুহখিনিয়ে নিজ নিজ ঘৰলৈ ঘূৰি যাব পাৰিব। ইফালে, ৰাজ্যৰ শেহতীয়া বানত ছিগা মথাউৰি ২৪ ঘন্টাৰ ভিতৰতে মেৰামতিৰ কাম আৰম্ভ হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বানপানী হৈ যোৱাৰ পিছত দ্বিতীয়বাৰ বানপানী হোৱাৰ মাজৰ সময়খিনিৰ সদব্যৱহাৰ কৰিলে ৰাইজক সকাহ দিব পাৰি। আগেয়ে মথাউৰি ভাগিলে বছৰটোলৈকে খোলা থাকে আৰু এতিয়া জলসম্পদ বিভাগক দিয়া বিত্তীয় ক্ষমতা অনুসৰি ছিগা মথাউৰি তাৎক্ষণিকভাৱে নিৰ্মাণ কৰিব পাৰে বুলি উল্লেখ কৰে। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে ছিগা অংশৰ পানীয়ে সৰ্বস্বান্ত কৰা পৰিয়ালসমূহক সাক্ষাৎ কৰি তেওঁলোকৰ ক্ষয়-ক্ষতিৰ বুজ লৈ উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে পুনৰ মাজুলীৰ পৰা স্থলপথেৰে ডিব্ৰুগড়লৈ ৰাওনা হয়।

কমলাবাৰী-পহুমৰা সংযোগী মথাউৰিৰ জুগুনিধাৰী ছিগা অংশৰ নিৰ্মাণকাৰ্য  আৰম্ভ

জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বিশেষ তৎপৰতাত আজিৰে পৰা মাজুলীৰ কমলাবাৰী-পহুমৰা সংযোগী মথাউৰিৰ ছিগা অংশৰ কাম আজিৰে পৰা আৰম্ভ হৈছে। কালি ৰাজ্যৰ জলসম্পদ মন্ত্ৰীগৰাকীয়ে মাজুলীৰ সামগ্ৰিক বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উপস্থিত হৈ বিশেষকৈ যোৱা ১ জুলাইত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি নিয়া কমলাবাৰী-পহুমৰা সংযোগী মথাউৰিৰ জুগুনিধাৰীৰ ছিগা অংশ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আগন্তুক ১৫ দিনৰ ভিতৰত উক্ত ছিগা অংশ নিৰ্মাণ কৰিবলৈ জলসম্পদ বিভাগক যাৱতীয় নিৰ্দেশ প্ৰদান কৰিছিল। মেগা জিঅ’ টিউবৰ সহায়ত বিশেষ প্ৰযুক্তিৰে নিৰ্মাণৰ নিৰ্দেশৰ পিছতেই আজিৰে পৰা মথাউৰিটোৰ ভগ্ন অংশৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। আজি পুৱা মাজুলীৰ বিধায়ক ভুবন গাম আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া-অভিযন্তাৰ উপস্থিতিত মাংগলিক নিয়মেৰে ছিগা অংশৰ কাম আৰম্ভ হয়। এই সন্দৰ্ভত মাজুলীৰ বিধায়ক ভুবন গামে কয় যে জলসম্পদ মন্ত্ৰীগৰাকীৰ নিৰ্দেশত বিভাগটোৰ তৎপৰতাত আজিৰে পৰা মথাউৰিটোৰ ছিগা অংশৰ কাম আৰম্ভ হৈছে আৰু আগন্তুক ১০ দিনৰ ভিতৰতে এই কাম হৈ উঠাৰ আশা কৰা হৈছে। ইফালে, জলসম্পদ বিভাগৰ মাজুলীৰ কাৰ্যবাহী অভিযন্তা বদন চন্দ্ৰ গোস্বামীয়ে এই সন্দৰ্ভত কয় যে বৰ্তমান মেগা জিঅ’ বেগৰ সহায়ত আজিৰে পৰা কাম আৰম্ভ কৰা হৈছে আৰু জিঅ’ বেগৰ পিছতেই ইতিমধ্যে মাজুলী আহি পোৱা মেগা জিঅমেগা টিউব ছিগা অংশটোত ব্যৱহাৰ কৰা হ’ব বুলি উল্লেখ কৰে। অভিযন্তাগৰাকীয়ে আগন্তুক ১০ দিনতেই ছিগা অংশটোৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলি লগতে উল্লেখ কৰে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

Featured