মানকাচৰত নৈশ বাছত অভিযানত এজনক আটক

🔹 ৯৮ হাজাৰ টকাৰ জালনোট জব্দ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাখন ড্ৰাগছ, মদ, জুৱা, জালনোট, অসামাজিক কাৰ্যকলাপৰ ৰম্যভূমিত পৰিণত হৈছে। আৰক্ষীয়ে গিজগিজাই থকা সত্ত্বেও ড্ৰাগছ, জুৱা, জালনোটৰ বেহা চলি আহিছে। নিশা মানকাচৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মানকাচৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা নৈশ বাছ এখনত তলাচী চলায়। তালাচী কালত নৈশবাছৰ আলী হোছেইন নামৰ যাত্ৰী এজনৰ পৰা ৯৮ হাজাৰ টকা (পাঁচশটকীয়া নোট)ৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ঝাউডাংগা টুকৰাইপাৰা গাঁৱৰ আলী হোছেইন নামৰ ব্যক্তিজনে নৈশবাছেৰে গৈ থকা সময়ত দিয়াৰা নামৰ ঠাইত আৰক্ষীয়ে অভিযান চলায়। সম্প্ৰতি আৰক্ষীয়ে ধৃত জালনোট সৰবৰাহকাৰীজনক থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক ফাৰহাদ আহমেদ

Featured