উচ্চতৰ মাধ্যমিকত ১০০ শতাংশ উত্তীৰ্ণ মন্দিয়া ড্ৰীমলেণ্ড একাডেমীৰ

নিয়মীয়া বাৰ্তা, ১০ মে’ : কালি শিক্ষা পৰিষদে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উন্নত ফলাফল প্ৰদৰ্শনৰে উজলিল মন্দিয়াস্থিত আগশাৰীৰ ব্যক্তিগত খণ্ডৰ অনুষ্ঠান মন্দিয়া ড্ৰীমলেণ্ড একাডেমী। উল্লেখযোগ্য যে এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত মন্দিয়া ড্ৰীমলেণ্ড একাডেমীৰ পৰা বিজ্ঞান শাখাত মুঠ ৮১গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হয়। তাৰে ভিতৰত ২গৰাকী শিক্ষাৰ্থী ডিষ্টিংচন আৰু ১২গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হোৱাৰ বিপৰীতে আন ১০গৰাকীকৈ শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগ লাভ কৰে। বিজ্ঞান শাখাৰ সমান্তৰালকৈ কলা শাখাতো উক্ত একাডেমীৰ পৰা মুঠ ৩৪গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰ ভিতৰত ২গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক, ৭৬গৰাকী শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগ পোৱাৰ বিপৰীতে ৯গৰাকী শিক্ষাৰ্থীয়ে তৃতীয় বিভাগ লাভ কৰে। বিজ্ঞান আৰু কলা উভয় শাখাতে শিক্ষাৰ্থীসকলে ওপৰোক্ত বিভাগসমূহ লাভেৰে মন্দিয়া ড্ৰীমলেণ্ড একাডেমীৰ নাম উজলাবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ পৰিয়াল তথা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। ইফালে ছাত্ৰ-ছাত্ৰীৰ এনে চমকপ্ৰদ ফলাফলে এতিয়া স্বাভাৱিকতে আহ্লাদিত কৰিছে একাডেমীখনৰ কৰ্তৃপক্ষৰ লগতে অভিভাৱক সকলক। ইফালে বিজ্ঞান আৰু কলা শাখাত প্ৰায় কেউ বিষয়তে মুঠ ১৬০গৰাকীকৈ শিক্ষাৰ্থীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়। কালি ফলাফল ঘোষণা হোৱাৰ পিছতেই একাডেমীখনত এক উছৱ মুখৰ পৰিৱেশে বিৰাজ কৰে। অনুষ্ঠানটিৰ কণিষ্ঠ ছাত্ৰ-ছাত্ৰীয়ে ফটকা ফুটাই সকলোকে মিঠাই খুওৱাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়।

প্ৰেৰক আব্দুল আজিজ আহমেদ

Featured