কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা মন্দিয়া জাতীয় বিদ্যালয় কৰ্তৃপক্ষৰ

🔹 মেট্ৰিকত মন্দিয়া জাতীয় বিদ্যালয়ৰ পূৰ্বৰ ধাৰা অক্ষুণ্ণ

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল : এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মন্দিয়াস্থিত আগশাৰীৰ ব্যক্তিগত খণ্ডৰ অনুষ্ঠান মন্দিয়া জাতীয় বিদ্যালয়ৰ কৃতী শিক্ষাৰ্থীক বিদ্যালয় কৰ্তৃপক্ষৰ পৰা জনোৱা হয় উষ্ম সম্ভাষণ। উল্লেখ্য যে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উক্ত বিদ্যালয়খনৰ পৰা সৰ্বমুঠ ৫৮গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত। তাৰে ভিতৰত ৯গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন, ২৪গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ, ২৫গৰাকীয়ে প্ৰথম বিভাগ আৰু ১গৰাকী শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগ লাভ কৰি বিদ্যালয়খনলৈ কঢ়িয়াই আনিলে সুনাম। সেয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী শিক্ষাৰ্থীক মন্দিয়া জাতীয় বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা এক গাম্ভীৰ্যপূৰ্ণ অভিনন্দন অনুষ্ঠান পাতি শিক্ষাৰ্থীসকলক একোখনকৈ গামোচা, পুষ্পমালা আৰু একোখনকৈ মানপত্ৰ প্ৰদানেৰে সম্বৰ্ধনা জনোৱা হয়। ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বৃহত্তৰ অঞ্চল তথা বিদ্যালয়খনৰ নাম উজলাবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকলে সম্বৰ্ধনা গ্ৰহণ কৰি স্বাভাৱিকতে যথেষ্ট উৎফুল্লিত হোৱা দেখা যায়। বিদ্যালয়খনৰ অধ্যক্ষ দেৱান আব্দুছ ছাত্তাৰৰ সভাপতিত্বত পৰিচালিত উক্ত অভিনন্দন অনুষ্ঠানত চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদ, কলগাছিয়াস্থিত ৰেডিয়েন্স একাডেমীৰ পৰিচালন সঞ্চালক আব্দুল হালিম, বামুণ দংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গণি খান, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল খালেক সমন্বিতে বিদ্যালয়খনৰ শিক্ষাগুৰু, অভিভাৱক-অভিভাৱিকাসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনাগত সময়ছোৱাত কিদৰে উচ্চ শিক্ষা গ্ৰহণৰে ছাত্ৰ-ছাত্ৰীসকল অগ্ৰসৰ হ’ব, তাৰ বিশদ বিশ্লেষণ আগবঢ়াই শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে। বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এনে প্ৰশংসনীয় তথা আদৰণীয় পদক্ষেপক সকলোৱে শলাগিছে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

Featured