ঢকুৱাখনাত নাৰী শক্তি বন্দন মাৰাথান দৌৰ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ : দেশৰ নাৰী শক্তিৰ সন্মানাৰ্থে আজি সমগ্ৰ দেশৰ লগতে ঢকুৱাখনাতো অনুষ্ঠিত হয় নাৰী শক্তি বন্দন মাৰাথান ‘ৰান ফ’ৰ নেচন ৰান ফ’ৰ মোদী’ শীৰ্ষক এক মহিলা মাৰাথান দৌৰ প্ৰতিযোগিতা । ঢকুৱাখনা জিলা মহিলা মৰ্চাৰ উদ্যোগত আৰু ঢকুৱাখনা মণ্ডল মহিলা মৰ্চাৰ সহযোগত পুৱা ৫.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা মাৰাথান দৌৰ প্ৰতিযোগিতাখনি উদ্বোধন কৰে ঢকুৱাখনা জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি প্ৰদীপ চমুৱাই। ঢকুৱাখনা নগৰৰ গান্ধী ময়দানৰ পৰা আৰম্ভ কৰা মহিলা মাৰাথান দৌৰ প্ৰতিযোগিতাত ঢকুৱাখনাৰ ভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিকশিত ভাৰত সংকল্পৰে নাৰী শক্তিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোবল আৰু একাগ্ৰতাৰ প্ৰতি আন্তৰিক সন্মান জনাই অনুষ্ঠিত কৰা এই কাৰ্যসূচীত ঢকুৱাখনা জিলা মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা শইকীয়া বৰবৰা, সম্পাদিকা কৰিশ্মা গগৈ, ঢকুৱাখনা মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী সাৱিত্ৰী গগৈ, সামাজিক মাধ্যমৰ আহ্বায়িকা দীপ্তি মিলি, ঢকুৱাখনা পৌৰসভাৰ উপ-পৌৰপতি চন্দ্ৰমা গগৈ, আয়ুক্ত দীপালী দাস, অপৰূপা দিহিঙীয়া দত্তৰ লগতে জিলা আৰু মণ্ডল মহিলা মৰ্চাৰ সকলো স্তৰৰ কাৰ্যকতাসকল আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰীসকল উপস্থিত থাকে।

প্ৰেৰক পুলকজ্যোতি বৰা

Featured