স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা শিক্ষা বিভাগৰ প্ৰভাত ৰেলী

বার্তা বুৰো, ১১ আগষ্টঃ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশজুৰি সংযোজিত হোৱা হৰ ঘৰ ত্ৰিৰংগা কায্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা শিক্ষা বিষয়া বুলি ভূঞা গগৈৰ নেতৃত্বত নগৰৰ ২০ খনৰ অধিক শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলে আজি মৰিগাঁৱ বিহুতলী প্ৰাংগণৰ পৰা এক প্ৰভাত ৰেলি অনুষ্ঠিত কৰে। মৰিগাঁৱ ৰ অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুনে শুভাৰম্ভ কৰা এই প্ৰভাত ফেৰিত অংশ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী শিক্ষক সকলে হাতে হাতে জাতীয় পতাকা লৈ নগৰৰ বিভিন্ন পথেৰে সমদল কৰি দেশপ্ৰেমৰ শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে। এই দৃষ্টি নন্দন প্ৰভাত ৰেলিত অংশগ্ৰহণ কৰি মৰিগাঁৱ জিলা শিক্ষা বিষয়া বুলি গগৈ ভূঞাই কৈ যে ছাত্ৰ ছাত্ৰী ৰ মাজত এনে অনুষ্ঠানে দেশপ্ৰেম ৰ ভাব সুদৃঢ় কৰি তুলিব। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে লক্ষী নন্দন শইকীয়া , ৰাজেন গোস্বামী, আব্দুল কালাম আজাদ, যুৱ জ্যোতি শৰ্মা আদি বিভিন্ন পয্যায়ৰ শিক্ষা বিষয়া আৰু শিক্ষক সকল।

প্ৰেৰক প্ৰাঞ্জল দাস

Featured