শিৱসাগৰৰ মাৰ্থা স্মীথৰ মৃত্যু, অঞ্চলজুৰি গভীৰ শোক

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ শিৱসাগৰ কে পি চাৰিআলি নিৱাসী বিশিষ্ট ধৰ্মপ্ৰাণা মহিলা তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী মাৰ্থা স্মিথ (৮৯)ৰ আজি সন্ধিয়া ৰজাবাৰী চ্যুকাফা মাল্টিস্পেচিয়েলিটি হস্পিতেলত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে৷ শিৱসাগৰ থানামুখস্থিত ৩৬৬নং প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা মাৰ্থা স্মিৰ্থে পৰৱৰ্তী সময়ত পৰৱৰ্তী সময়ত ধৰ্মীয় কাম কাজত ব্যস্ত হৈ পৰিছিল ৷ উল্লেখ্য যে শিৱসাগৰৰ জেষ্ঠ সাংবাদিক অনন্ত স্মীৰ্থ আৰু যুৱ ব্যৱসায়ী ৰণি স্মীথৰ মাতৃ মাৰ্থা স্মীৰ্থ বিগত কিছুদিন বাৰ্ধক্যজনিত কেতবোৰ শাৰীৰিক অসুস্থতাত ভুগি আহিছিল৷ কিন্তু আজি বিয়লিৰ ভাগত হঠাত শ্বাস- প্ৰশ্বাসত কিছু অসুবিধা পোৱাত ততাতৈয়াকৈ জৰুৰী সেৱাৰ যোগেদি চ্যুকাফা হস্পিতাললৈ নিয়া হয় যদিও প্ৰাথমিক চিকিৎসা প্ৰদাণৰ কিছু সময়ৰ পিছতেই মৃত্যু হয়৷ ইহ সংহাৰত এগৰাকী জীয়াৰী, দুজন পুত্ৰ, দুগৰাকী বোৱাৰী, নাতি, নাতিনীসহ বহুতে এৰি যোৱা মাৰ্থা স্মিথৰ শেষকৃত্য কাইলৈ দৰবাৰ ৰোডত অৱস্থিত খ্ৰীষ্টান কৱৰস্থানত সম্পন্ন কৰা হব ৷ অৱসৰী কৃতী শিক্ষয়িত্ৰী মাৰ্থা স্মিথৰ মৃত্যুত শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি তথা গড়গাঁও কলেজৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্ত, ভাৰপ্ৰাপ্ত সম্পাদক হিমাংশু নেওগ, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, শিৱসাগৰ ব্যাপ্তিষ্ট মিচন, জিলা ই মিডিয়া সংস্থা, নামতি প্ৰেছ ক্লাব, ডিমৌ প্ৰেছ ক্লাব, আছুৰ কাৰ্য্যনিবাহক সদস্য সমীৰণ ফুকন, বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা, আটাছুৰ সভাপতি বসন্ত গগৈ, ছাত্ৰ নেতা চিতু বৰুৱা, পংকজ খাউণ্ড, অংকুৰণ ফুকন, দেৱজিত দত্ত, কল্যাণ পৰিষদৰ সভাপতি মণিৰুল ইছলাম বড়া, ছাত্ৰ নেতা ফৰিদ ইছলাম হাজৰিকা, মহেন্দ্ৰ দিহিঙীয়া,যাদৱ গগৈ, জিলা সাহিত্য সভা, জিলা কংগ্ৰেছ কমিটি,সামাজীক কৰ্মী অভিনৱ দত্ত, বিজেপিৰ শিৱসাগৰ জিলা সমিতি, কোচ ৰাজবংশী ছাত্ৰ সন্থা, মৰিয়া ছাত্ৰ সন্থাৰ সভাপতি আছাদুৰ ৰহমানৰ লগতে বিভিন্ন অনুস্থান – প্ৰতিস্থানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

Featured