অসম আৰক্ষীয়ে লাভ কৰিব ৰাষ্ট্রপতি নিচান

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ দেশৰ নৱমখন ৰাষ্ট্রপতিৰ নিচানপ্রাপ্ত ৰাজ্য হিচাপে চিহ্ণিত হ’ব অসম৷ অহা ১০ মে’ত আনুষ্ঠানিকভাৱে অসম আৰক্ষীয়ে লাভ কৰিব ৰাষ্ট্রপতিৰ এই বিশেষ সন্মান৷ অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই প্রকাশ কৰা মতে, আৰক্ষী বিষয়াসকলৰ বাবে এই নিচান হ’ব বিশেষ সন্মান৷ প্রতিগৰাকী বিষয়াই নিজৰ পোছাকৰ নামৰ ওপৰত নিচান অর্থাৎ কেইবাটাও ৰঙৰ পতাকা লগাব পাৰিব৷ নিচানৰ এই পদক প্রস্তুত কৰিছে গুৱাহাটী আই আই টিয়ে৷ এই পতাকাত থাকিব ৩৬টা চিহ্ণ, লগত থাকিব গঁড় আৰু অসম আৰক্ষীৰ প্রতীকৰ চিহ্ণ৷ দেশৰ নৱমখন ৰাজ্য হিচাপে লাভ কৰিবলগীয়া এই সন্মান ১০ মে’ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আনুষ্ঠানিকভাৱে অসম আৰক্ষীক প্রদান কৰিব৷ এই লক্ষ্যৰে গুৱাহাটীত অনুষ্ঠিত কৰা হ’ব এটা বিশেষ ৰাজকীয় অনুষ্ঠান৷

আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে প্রকাশ কৰা অনুসৰি নিচানৰ এই পদকৰ সজাগতা সৃষ্টিৰ বাবে অসম আৰক্ষীয়ে ধুবুৰীৰ পৰা শদিয়ালৈ আয়োজন কৰিছে এক মটৰচাইকেল ৰেলীৰ৷ ১০ মে’ত মুখ্যমন্ত্রী তথা ৰাজ্য চৰকাৰৰ মন্ত্রী, শীর্ষ বিষয়াসকলৰ লগতে সত্রাধিকাৰকে ধৰি বহু গণ্য–মান্য ব্যক্তিৰ উপস্থিতিত এই বঁটা গ্রহণ কৰিব অসম আৰক্ষীয়ে৷ তদুপৰি এক বিশেষ পেৰেড অনুষ্ঠানৰো আয়োজন কৰা হ’ব৷

Featured