৩-৪ অক্টোবৰত ভট্টদেৱ বিশ্ববিদ্যালয়ত মিডিয়া উৎসৱ অভিব্যঞ্জনা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ অক্টোবৰঃ নৱগঠিত বজালী জিলাৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান পুৰণি বজালী মহাবিদ্যালয় তথা বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে অহা ৩ আৰু ৪ অক্টোবৰ (২০২৪)ত বিশ্ববিদ্যালয়ৰ খেলপথাৰত বিভাগটোৰ বাৰ্ষিক মিডিয়া উৎসৱ (media fest)” অভিব্যঞ্জনাৰ” আয়োজন কৰিছে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত অনুষ্ঠানটোৰ জৰিয়তে গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থী সকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি আশা কৰিছে। “অভিব্যঞ্জনা” অনুষ্ঠানৰ প্ৰথম দিনটোত অৰ্থাৎ ৩ অক্টোবৰৰ পুৱা প্ৰথম কাৰ্যসূচী হিচাপে অনুষ্ঠানটিৰ আনুষ্ঠানিক উদ্বোধন কৰিব বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক ড° পৰাগ বৰ্মনে। দ্বিতীয় কাৰ্য্যসূচী হিচাপে পুৱা বন্তি প্ৰজ্বলন কৰিব গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° কৰুণামোহন শৰ্মাই। তৃতীয়তে পুৱা “ছবিকথা” শীৰ্ষক ফটোগ্ৰাফী প্ৰদৰ্শনী উন্মোচন কৰা হ’ব আৰু উন্মোচক হিচাপে উপস্থিতি থাকিব বজালীৰ বিশিষ্ট অধিবক্তা গিৰিধৰ চৌধুৰী। তাৰ পৰবৰ্তী সময়ত গছপুলি ৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰা হব। তাৰ পিছত বিভাগটোৰ প্ৰাচীৰ পত্ৰিকা “সবাক” উন্মোচন কৰিব বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° বিনীতা বৰা দেৱ চৌধুৰীয়ে। তাৰ পিছত “সংবাদ মাধ্যম আৰু গণতন্ত্ৰ ” বিষয়ক লৈ এক “মুখামুখি” আলোচনা চক্ৰ অনুষ্ঠিত কৰা হব য’ত উদ্ধোধক হিচাপে উপস্থিত থাকিব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক যাদৱ বসুমতাৰী। তাৰ পিছত দুপৰীয়া “সংযোগ শৰ” শীৰ্ষক সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব আৰু উক্ত কুইজ প্ৰতিযোগিতাখনত কুইজ পৰিচালক হিচাপে উপস্থিত থাকিব দিলীপ কুমাৰ শৰ্মা। ৩ অক্টোবৰৰ শেষ কাৰ্যসূচী হিচাপে ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় আৰু অন্তৰংগ আলাপ কাৰ্যসূচী হাতত লোৱা হৈছে, যি কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশ্ববিদ্যালয়ৰ গণসংযোগ তথা সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ তথা কণ্ঠশিল্পী বিকি কলিতা। অভিব্যঞ্জনা উৎসৱটিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অৰ্থাৎ ৪ অক্টোবৰৰ পুৱা জনসম্পৰ্কৰ ওপৰত আলোকপাত কৰিবলৈ এক কাৰ্যসূচী হাতত লোৱা হ’ব যত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব অসম চৰকাৰৰ “তথ্য আৰু জনসংযোগ” বিভাগৰ জেষ্ঠ জনসম্পৰ্কৰক্ষী বিষয়া দিব্যজ্যোতি শৰ্মা। ৪ অক্টোবৰৰ দ্বিতীয় কাৰ্যসূচী হিচাবে “চিত্ৰ-কথা” শীর্ষক চলচ্চিত্র বিষয়ক এটি অনুষ্ঠান অনুষ্ঠিত হব যত উপস্থিত থাকিব বলিউড তথা সমগ্ৰ অসমৰ বিশিষ্ট অভিনেতা পবিত্ৰ ৰাভা। তাৰ পিছতেই দিনৰ ১২ বজাত সাহিত্য চর্চাৰ মানসেৰে অসমৰ বিশিষ্ট কবি তথা সাহিত্যিক নীলিম কুমাৰৰ উপস্থিতিত “সাহিত্য-কথা” শীর্ষক এক কাৰ্যসূচী হাতত লোৱা হব। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গণসংযোগ তথা সাংবাদিকতা বিভাগৰ বাৰ্ষিক মিডিয়া উৎসৱ (media-fest) “অভিব্যঞ্জনা”ৰ এইদুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হʼবলগীয়া অনুষ্ঠানটিৰ অন্তিমটো কাৰ্যসূচী “গানে কি আনে” শীৰ্ষক সাংগীতিক ক্ষণটিত অসমৰ বিশিষ্ট কণ্ঠশিল্পী ৰূপম ভূঞাই গান পৰিবেশন কৰিব। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গণসংযোগ তথা সাংবাদিকতা বিভাগৰ “অভিব্যঞ্জনা” শীর্ষক বাৰ্ষিক মিডিয়া উৎসৱটোক (media-fest) সাফল্যমণ্ডিত কৰিবলৈ প্ৰাক্তন ছাত্র ছাত্রী তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰিয়াল সহিতে সমগ্ৰ অঞ্চলৰ ৰাইজৰ উপস্থিতি আৰু সহযোগীতা “অভিব্যঞ্জনা” কমিটিয়ে কামনা কৰিছে।

Featured