সোণাপুৰত তৈল খেজুৰ ৰোপণৰ মেগা ড্ৰাইভ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ আগষ্টঃ কামৰূপ জিলা কৃষি বিভাগ আৰু পতঞ্জলি কোম্পানীৰ যুটীয়া প্ৰচেষ্ঠাত ৰাষ্ট্ৰীয় ভোজ্য তেল-তৈল পাম অভিযান (NMEO-OP) আচঁনিৰ অধীনত সোণাপুৰ কৃষি উন্নয়ন চক্রৰ মৈৰাকুছি গাঁৱৰ আদৰ্শ কৃষক সুধন দেউৰীৰ ৩.৪৬ হেক্টৰ কৃষি পথাৰত আজি “Mega OIL Palm Plantation Drive 2024” আনুষ্ঠানিক শুভাৰম্ভণি কৰা হয়। তৈল খেজুৰ খেতিৰ এই বৰ্ষৰ শুভাৰম্ভণি কৰে জিলা কৃষি বিষয়া ধীৰেন্দ্ৰ নাথ কাৰ্জীয়ে। আজি দুপৰীয়া এই উপলক্ষে অনুষ্ঠিত শুভাৰম্ভণি সভাখনত তৈল খেজুৰৰ খেতিৰ বিষয়ে কৃষক ৰাইজক সজাগ কৰাৰ লগতে বিকল্প কৃষি হিচাপে তৈল খেজুৰ খেতিৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে চিন্তা চৰ্চা কৰিবলৈ কৃষকসকলক আহ্বান জনালে কামৰূপ জিলাৰ কৃষি বিষয়া ধীৰেন্দ্ৰ নাথ কাৰ্জীয়ে। উল্লেখ্য যে ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান( NMEO-OP) আচঁনিৰ অধীনত ইতিমধ্যে কামৰূপ মেট্ৰ’ জিলাৰ সোণাপুৰত প্ৰায় এশ বিঘা ভূমিত তৈল খেজুৰ ৰোপন কৰা হৈছে। তৈল খেজুৰৰ খেতিৰ লাভালাভ আৰু ভৱিষ্যত পৰিকল্পনাৰ সম্পৰ্ক কৃষক ৰাইজক বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়াই ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান ( NMEO-OP) আচঁনিৰ জিলা নডেল বিষয়া তথা জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া শংকৰ দত্ত আৰু সোণাপুৰৰ কৃষি উন্নয়ন বিষয়াৰ দায়িত্বৰত প্ৰফুল্ল চহৰীয়াই। লগতে খেতিবিধ কৰাত কৃষকসকলক চৰকাৰে কেনেদৰে সহায়-সহযোগ কৰিব সেই বিষয়েও সবিস্তাৰে বুজায় কয়। আগ্ৰহী কৃষকসকলক বিভাগীয়ভাৱে অথবা পতঞ্জলীৰ জৰিয়তে যোগাযোগ কৰিবলৈও আহ্বান জনায়। অনুষ্ঠানৰ মাজতে কৃষকসকলে গামোচাৰে বিষয়াসকলক সম্বৰ্ধনা জনায়। ইপিনে পতঞ্জলীৰ ৰাজ্যিক প্ৰমুখ সঞ্জয় শ্বাহ আৰু মাণ্ডলিক প্ৰবন্ধক ঈশ্বৰ ৰাৱে তিনি বছৰ অপেক্ষাৰ পাছতে কৃষকে কেনেকৈ লাভৰ মুখ দেখিব, ভাৰতত কেনেকৈ এই খেতিবিধ কৰিবলৈ চৰকাৰে সৰ্বোতপ্ৰকাৰে সহায় আগবঢ়াব সেই বিষয়ে আকৌ এবাৰ বিস্তৃতভাৱে বুজায়। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ সফল কাৰ্যকৰীকৰণৰ জৰিয়তে ভাৰতবৰ্ষই ভোজ্য তেলৰ উৎপাদনত স্ব-নিৰ্ভৰশীল হোৱাৰ লগতে বিশ্বৰ বিভিন্ন দেশৰপৰা ভোজ্য তেলৰ আমদানি হ্ৰাস কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। কৃষক ৰাইজ সভাখনত উপস্থিত থাকি নিজৰ সমস্যা সমূহৰ কথা জনায় আৰু বিভাগীয় বিষয়াসকলে সেইবোৰ কিদৰে সমাধান কৰি কৃষকক সফলতাৰ বাটত আগুৱাই নিব পাৰি সেই আলোচনা কৰে। সভাত কামৰূপ মেট্ৰ’ জিলাৰ তৈল খেজুৰৰ টেকনিকেল সহযোগী সংগীতা মহাজন, ক্ষুদ্ৰ জলসিঞ্চনৰ টেকন’লজী কাৰ্যবাহী ৰাণা দাস, একাউণ্ট অফিচাৰ চিৰঞ্জীত চুতীয়া, মিডিয়া এক্সপাৰ্ট মণিকংকনা দাস, কেবাগৰাকীও কৃষি সহযোগীৰ লগতে পতঞ্জলীৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Featured