খিলঞ্জীয়াৰ ওপৰত মিঞাৰ আক্ৰমণ সহ্য কৰা নহ’বঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জুনঃ দুধনৈৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱা ভুক্তভোগী পৰিয়ালক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সাক্ষাৎ কৰে৷ আজি এবছুৰ বিষয়-ববীয়াৰ সৈতে দুধনৈৰ ভালাপাৰাৰ ভুক্তভোগী পৰিয়ালৰ ঘৰত উপস্থিত হৈ দোষীক কঠোৰ শাস্তি দিয়া হ’ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে আজি আমাৰ খিলঞ্জীয়া ভনী ধৰ্ষিতা হৈছে৷ আমাৰ গাঁৱত বড়ো জনগোষ্ঠীৰ মহিলা ধৰ্ষিতা হৈছে, গোৰ্খা ভনী ধৰ্ষিতা, আদিবাসী মহিলা ধৰ্ষিতা হৈছে৷ ইয়াক লৈ যিমান সচেতন বিৰোধীসকল হ’ব লাগে সেই বিৰোধীক মই মাতেই মতা দেখা নাই৷ লোকসভা নিৰ্বাচনৰ পৰাই খিলঞ্জীয়াৰ ওপৰত মিঞাৰ আক্ৰমণ চলা বুলি অভিযোগ কৰি মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে খিলঞ্জীয়াৰ ওপৰত মিঞাই আক্ৰমণ চলাই থকাৰ সময়তো কেৱল ভোট বেংকৰ স্বাৰ্থত আজি বিৰোধীয়ে এষাৰো মাত মতা নাই৷ বিৰোধীক কঠোৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এই মিঞা সম্প্ৰদায়টোক বা দোষীক তেওঁলোকে ৰক্ষণাবেক্ষণ দিছে বুলি মন্তব্য কৰে৷ আনহাতে, অপৰাধীয়ে এনে ঘটনা সংঘটিত কৰাৰ সাহস পোৱাৰ কাৰণো সেইটোৱে বুলি তেওঁ সাংবাদিকৰ আগত মন্তব্য কৰে৷ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ইয়াত ভোট বেংকৰ কথা হ’ব নোৱাৰে৷ ইয়াত খিলঞ্জীয়া মানুহৰ সন্মানৰ প্ৰশ্ন, খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰশ্ন নিহিত হৈ আছে৷ কোনোবাই যদি ভাবিছে যে ভোট বেংকৰ কাৰণে মাত নামাতো, তেওঁলোকক কিন্তু জাতিটোৱে এদিন প্ৰত্যুত্তৰ দিব৷ উল্লেখ্য যে প্ৰায় দুমাহৰ পিছত দুধনৈৰ চাঞ্চল্যকৰ হত্যাৰ বলি হোৱা হিৰণ্ময় খাখলাৰীৰ ঘৰত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰকৰী তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত হৈ নিহত হিৰণ্ময় খাখলাৰীৰ দুৰ্ভগীয়া মাতৃ বাসন্তী খাখলাৰী আৰু পৰিয়ালবৰ্গক সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰি এনে বৰ্বৰ কাৰ্যক গৰিহণা দিয়াৰ লগতে জনজাতি যুৱক এগৰাকীক মিঞা সম্প্ৰদায়ৰ মানুহে নিজৰ গাঁৱৰ সমীপতে বৰ্বৰভাৱে হত্যা কৰা ঘটনাত আশ্বৰ্য প্ৰকাশ কৰে আৰু গৰিহণা দিয়ে৷ মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ তথা নিৰ্বাচনৰ সময়ৰ পৰাই সমগ্ৰ অসমত খিলঞ্জীয়া মানুহৰ ওপৰত মিঞা মানুহে ধাৰাবাহিকভাৱে আক্ৰমণ কৰি আহিছে৷ এনে ধৰণৰ ঘটনা কেতিয়াও সহ্য কৰা নহ’ব৷ ইয়াৰ বিৰুদ্ধে সদায় কঠোৰ চৰকাৰ৷ এনে ধৰণৰ ঘটনাৰ ওপৰত চৰকাৰে দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰি ইয়াৰ বিহিত ব্যবস্থাও চৰকাৰে গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷ এনে ধৰণৰ ঘটনা ৰোধৰ বাবে খিলঞ্জীয়া ৰাইজে সচেতন হ’ব লাগিব বুলি তেওঁ কয়৷ মন্ত্ৰীগৰাকীয়ে প্ৰয়াত হিৰণ্ময় খাখলাৰীৰ দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে ধৰ্ষিতা যুৱতী দুগৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথাও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে অভিযুক্তক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে শাস্তি বিহাৰ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ প্ৰদান কৰে৷

Featured