কংগ্ৰেছৰ কলংকিত অধ্যায় মানুহে পাহৰা নাই : অতুল বৰা

লখিমপুৰত একপক্ষীয় হ’ব নিৰ্বাচনী যুঁজ : অতুল বৰা

বিশেষ বাৰ্তা, ১১ এপ্রিলঃ সমাগত লোকসভা নির্বাচনত লখিমপুৰ লোকসভা সমষ্টিত বিৰোধী দলৰ স্থিতি নস্যাৎ কৰিলে অগপৰ সভাপতি অতুল বৰাই। আজি লখিমপুৰত দলীয় কার্যালয়ত আয়োজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই। মন্ত্ৰী বৰাই কয়, লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনী যুঁজখন একপক্ষীয় হ’ব। এই কথাত কোনো সন্দেহ নাই। মিত্রজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ মনোনয়ন দাখিলৰ পৰাই এনে প্ৰতিচ্ছবি দেখা গৈছে। প্ৰাৰ্থীগৰাকীৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহোঁতে অগণন লোকৰ সমাৱেশেও সেই কথা প্ৰতীয়মাণ কৰিছে। প্ৰদান বৰুৱা এজন মাটিৰ মানুহ, অভিজ্ঞ ৰাজনীতিক বুলি অভিহিত কৰি তেওঁ আৰু কয়- কংগ্ৰেছৰ পক্ষত এতিয়া মানুহ নাই। কংগ্ৰেছ কলংকিত দল। কংগ্ৰেছৰ কলংকিত অধ্যায়  মানুহে পাহৰি যোৱা নাই। ঐক্যহীন দল কংগ্ৰেছ। নিতৌ কংগ্ৰেছৰ পৰা মানুহ ওলাই গৈ আছে। বিৰোধী বুলিবলৈ এতিয়া একোৱেই নাই বুলি মন্ত্ৰী বৰাই কয়। মন্ত্রী বৰাই সমাগত নিৰ্বাচনত এনডিএ অপ্ৰতিৰোধ্য বুলি মন্তব্য কৰি অসমৰ ১৪টা সমষ্টিয়ে মিত্রজোঁটে দখল কৰিব বুলি ঘোষণা কৰে। উল্লেখ্য যে লখিমপুৰ নগৰস্থিত অসম গণ পৰিষদৰ জিলা কাৰ্য্যলয়ৰ প্ৰেক্ষাগৃহত এই নিৰ্বাচনী প্ৰচাৰ সভাখন অনুষ্ঠিত হয়। লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ অসম গণ পৰিষদে আয়োজন কৰা এই নিৰ্বাচনী সভাত মন্ত্ৰী অতুল বৰা উপস্থিত থাকি ভাষণ প্ৰদান কৰি সকলো লোককে নিজৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰি বিপুলসংখ্যক ভোটত জয়ী কৰিবলৈ অনুৰোধ জনায়। তেওঁ ভাষণ প্ৰসংগত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে। এই সভাত অসম গণ পৰিষদৰ ৰাজ্যিক উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অসম গণ পৰিষদৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, বিধায়ক মানৱ ডেকাকে ধৰি বহুকেইজন প্ৰবীণ ৰাজনৈতিক নেতা উপস্থি থাকি ভাষণ প্ৰদান কৰে।

প্ৰেৰক জীৱন গোস্বামী