চামগুৰিৰ নিৰ্বাচনী সভাত বিৰোধী কংগ্ৰেছক তুলাধূনা মন্ত্ৰী পীযূষৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ এপ্ৰিলঃ নগাঁও লোকসভা সমষ্টিৰ ৰূপহী বিধানসভাৰ ফাকলি খেলপথাৰত মন্ত্ৰী পীযুষ হাজৰীকাই বিশাল জনসভা সম্বোধন কৰে। বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ৰাইজৰ খবৰ লৈ আৰম্ভ কৰে ভাষণ। স্থানীয় বিধায়ক কংগ্ৰেছ দলৰ হোৱা সত্বেও স্বতস্ফূৰ্তভাৱে মন্ত্ৰীগৰাকীৰ ভাষণ শুনিবলৈ ওলাই আহিল ৰাইজ। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীৰ অৱদানৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল, আয়ুস্মান কাৰ্ড,অৰুণোদয় আঁচনি এইবোৰ কোনেও লাভ কৰা নাছিল কিন্তু সেইয়া বাস্তবায়িত হ’ল প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বাবে। আয়ুস্মান কাৰ্ডৰ জৰিয়তে ৫ লাখ টকালৈ চিকিৎসা সেৱাৰ সুবিধা থাকে। এইবোৰ সুবিধা কংগ্ৰেছে দিয়া নাছিল। ভাষণ প্ৰসংগত তেওঁ কয় যে ৰূপহী আৰু চামগুৰিৰ ৰাইজে যোৱাবাৰ বিজেপিক ভোট দিয়া নাছিল যদিও বিজেপিয়ে তেওঁলোকক কোনো সুবিধা লাভৰ পৰা বঞ্চিত কৰা নাই। সকলো আঁচনি লাভ কৰিছে ৰূপহী আৰু চামগুৰিৰ ৰাইজে বুলি ভাষণত উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই। উপস্থিত ৰাইজক মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে তেওঁলোকৰ সন্তানে মেট্ৰিকত প্ৰথম স্থান পোৱা ছোৱালীয়ে স্কুটী লাভ কৰিছে নে নাই। সৰহসংখ্যকৰে উত্তৰ আহিল পাইছে। কোনো ভেদভাৱ নকৰাকৈ সকলোৱে লাভ কৰিছে স্কুটী। ল’ৰাবোৰৰ কথা চিন্তা কৰিও তেওঁলোককো প্ৰদান কৰা হৈছে স্কুটী। বিজেপি আহিলে মুছলমান মানুহ ধ্বংস হৈ যাব বুলি কংগ্ৰেছে কোৱা কথাষাৰ মিছা প্ৰমাণিত হ’ল বুলি ভাষণত উল্লেখ। বৰঞ্চ ভাল হে হৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ দিনত ধানৰ মোন আছিল ৪০০ টকা আছিল বৰ্তমান ধানৰ দাম ৮০০ টকা হ’ল। কাৰণ অসম চৰকাৰ অসমৰ কৃষকৰ পৰা ধানবোৰ ক্ৰয় কৰি লয়। ইয়াত আটাইতকৈ লাভাৱান্বিত হৈছে ৰূপহীৰ কৃষকসকল। বিজেপিক ভোট নিদিয়া বুলি আজিলৈ কৰা নাই কোনো ভেদভাৱ। এতিয়া নগাঁওত স্থাপন হৈছে মেডিকেল কলেজ। পূৰ্বে ডাঙৰ বেমাৰ হ’লে গুৱাহাটীলৈ যাবলগীয়া হৈছিল সেই সমস্যাৰ এতিয়া অন্ত পৰিল। কংগ্ৰেছে অসম ৬০ বছৰ চলাইছিল। কিন্তু ৬০ বছৰত মাত্ৰ ৬ খন মেডিকেল কলেজ স্থাপন কৰিলে কংগ্ৰেছে। কিন্তু বিজেপিয়ে ৮ বছৰত মেডিকেল কলেজ নিৰ্মাণ কৰিলে ১৮খন। ৰূপহীৰ ৰাইজে বিজেপিক ভোট নিদিলে বুলিয়েই মেডিকেল কলেজ নিৰ্মাণ নকৰাকৈ থকা নাই। কাৰণ বিজেপিয়ে সকলোৰে বিকাশ বিচাৰিছে, সকলোৰে উন্নতি বিচাৰিছে। মেডিকেল কলেজ নথকাৰ বাবে পূৰ্বে চিকিৎসক সৃষ্টি হোৱা নাছিল। এতিয়া মেডিকেল কলেজ বৃদ্ধি হোৱাত বছৰি চিকিৎসক ওলাইছে ১৩৫০গৰাকী। আৰু কেইখনমান মেডিকেল হ’ব বাকী আছে সেই কেইখন হৈ উঠিলে বছৰি প্ৰায় ২৫০০ চিকিৎক ওলাব বুলি আশা প্ৰকাশ মন্ত্ৰী হাজৰীকাৰ। তেতিয়া গাঁৱে গাঁৱে চিকিৎসক যাবলৈ বাধ্য হ’ব। কাৰণ স্বাস্থ্য ভালে থাকিলেহে সকলো থিকে থাকিব। কংগ্ৰেছে স্বাস্থ্যৰ কাৰণে কোনো কাম নকৰিলে। কংগ্ৰেছৰ লিডাৰবোৰৰ বেমাৰ হ’লে দিল্লীলৈ যাব কিন্তু তেওলোকে দুখীয়া মানুহৰ কথা চিন্তা নকৰিলে। ইপিনে তেওঁ কয় যে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ পূৰ্বে গুৱাহাটীলৈ যাব লগীয়া হৈছিল। কাৰণ কংগ্ৰেছৰ দিনত মাত্ৰ ৭খন বিশ্ববিদ্যালয় আছিল। কিন্তু মুখ্যমন্ত্ৰীৰ নেতৃত্বত যোৱা ৮ বছৰত ১৫খন বিশ্ববিদ্যালয় গঢ় লৈ উঠিল। প্ৰধানমন্ত্ৰী আবাস যোজনা আৰু ইন্দিৰা আবাস যোজনাৰ মাজৰ পাৰ্থক্যৰ কথাও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। কংগ্ৰেছৰ দিনত নিৰ্মাণ কৰা ঘৰবোৰ গোহালীৰ দৰে আছিল। যিবোৰ ঠিকাদাৰে নিৰ্মাণ কৰিছিল। টকা সোমাইছিল BDOৰ একাউন্টত। পঞ্চায়ত প্ৰতিনিধি, বিধায়ক সকলোৱে টকা খাইছিল। কিন্তু এতিয়া সেইবোৰ নাই। দালালৰাজ সম্পূৰ্ণ ৰূপে নোহোৱা কৰি দিছে বিজেপিয়ে। গতিকে অহা ৫০ বছৰলৈ নাহে কংগ্ৰেছৰ চৰকাৰ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৪০০ পাৰ কৰি জিকি পুনৰ চৰকাৰ দখল কৰিব। কংগ্ৰেছক ভোট দি ভোট নষ্ট নকৰিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ। প্ৰদ্যুৎ বৰদলৈক চালানী মাছ আখ্যা ৰাইজৰ। এটা পৰিয়ালে চামগুৰি আৰু লাহৰিঘাটত ৰাজত্ব কৰা বুলি উল্লেখ মন্ত্ৰী হাজৰীকাৰ। কিন্তু চামগুৰিৰ গৰা খহনীয়া ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী পীযুষ হাজৰীকাই ৮ কোটি টকা দিছে। লাহৰিঘাটৰ বানপানীৰ সমস্যা মাত্ৰ ডেৰ বছৰত সমাধা কৰে। ধিঙৰ মোৱামাৰীত ৩৭ কোটি টকা দি গৰা খহনীয়া ৰোধ কৰিছে পীযুষ হাজৰীকাই। লাহৰীঘাটৰ গৰা খহনীয়াৰ বাবে প্ৰায় ৩৫০ কোটি টকা ব্যয়। কিন্তু ইমান বছৰে এটা নিৰ্দিষ্ট দলক ভোট দিয়া স্বত্বেও কোনো ধৰণৰ উন্নয়ন নকৰিলে। কিন্তু বিজেপিয়ে মানুহৰ বাবে ৰাইজৰ বাবে নিৰন্তৰ কৰি গৈছে সকলো কাম। মায়ঙৰ পাভকাটিৰ পৰা লাহৰীঘাট, লাহৰীঘাটৰ পৰা ধিঙ ৰূপহী, ৰূপহীৰ পৰা চামগুৰিলৈ পথ নিৰ্মাণ কৰি দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কলিয়াবৰৰ পৰা শিলঘাটলৈ মুঠ ১৫০ কিলোমিটাৰ পথ মথাউৰি নিৰ্মাণ কৰি দিছে বিজেপিয়ে। ৰাজ্য চৰকাৰে মেধাৰ ভিত্তিত দিয়া চাকৰিৰ কথাও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। পূৰ্বতে মন্ত্ৰী, বিধায়কে টকা লৈ লৈ চাকৰি দিছিল। কিন্তু এতিয়া সেই পৰিৱেশ নোহোৱা কৰি দিছে বিজেপি চৰকাৰে। পূৰ্বতে APSC চাকৰিৰ বাবত ৫০ লাখ টকা দিবলগীয়া হৈছিল কিন্তু এতিয়া তেনে কোনো পৰিৱেশেই নাই বিজেপি চৰকাৰৰ বাবে। আগতে তিনিমহলীয়া বিল্ডিং থকা সকলে টকা দি চাকৰি পাইছিল। কিন্তু এতিয়া বাগানৰ বনুৱাৰ ল’ৰা, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰত থকা লোকৰ সন্তানে ACSৰ চাকৰি পাইছে। এই পৰিৱৰ্তন আনিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মহিলাসকলক সবল কৰাৰ উদ্দেশ্যে ৪০ লাখ মহিলাক ১০ হাজাৰকৈ টকা দিব। অহা বছৰ ২৫ হাজাৰকৈ টকা দিব মহিলাসকলক। যিসকল নিবনুৱা যুৱকে চাকৰি নাপায় তেওঁলোকে ২-৫ লাখ টকা ঝণ হিচাবে লাভ কৰিব। তাৰে ৫০ শতাংশ উভতাই দিব নালাগে চৰকাৰক। কংগ্ৰেছৰ দিনত ব্ৰহ্মপুত্ৰত মাত্ৰ ৪খন দলং আছিল, বিজেপিয়ে এইখিনি সময়তে ৯ খন দলং নিৰ্মাণ কৰিলে ব্ৰহ্মপূত্ৰৰ ওপৰত। তাৰে কেইখনমান দলং চেংচন হৈছে, কেইখনমান নিৰ্মাণ হৈ আছে, কেইখনমান সম্পূৰ্ণ হৈ উঠিছে। কংগ্ৰেছে ৬০ বছৰত বিমান বন্দৰ নিৰ্মাণ কৰিলে ৭৪ টা, নৰেন্দ্ৰ মোদীয়ে ১০ বছৰত বিমান বন্দৰ নিৰ্মাণ কৰিলে ৭৫টা। আগতে ধনী শ্ৰেণীয়ে বিমানত উঠিব পাৰিছিল এতিয়া সকলো শ্ৰেণীৰ লোকে বিমানত উঠিব পৰা হ’ল। কংগ্ৰেছে ৬০ বছৰত মাত্ৰ ৮ খন এইমছ নিৰ্মাণ কৰিছিল। কিন্তু নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতবৰ্ষত ১৫ খন এইমছ নিৰ্মাণ কৰিলে। জীৱ-জন্তুৰ বাবেও চিন্তা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ৬০০০ কোটি টকা ব্যয় কৰি এলিভেটেড ৰোড ক’ৰিডৰ নিৰ্মাণ কৰিব বিজেপি চৰকাৰে। অসমলৈ ১০ বছৰত ২৭ বাৰ আহিছে নৰেন্দ্ৰ মোদী। কংগ্ৰেছে কেৱল ভয় খুৱাই খুৱাই জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দিছিল। শিক্ষা, স্বাস্থ্য একোৰে বাবে কাম নকৰিলে কংগ্ৰেছে। মুছলমান সমাজৰ ক্ষতি কৰিছে কেৱল কংগ্ৰেছে। এনেদৰে বৃহৎ জনসভাত কংগ্ৰেছক তুলাধূনা দিলে মন্ত্ৰী পীযুষ হাজৰীকাই। ইয়াৰ পাছতেই চামগুৰি বিধানসভা সমষ্টিৰ গেৰাওটি খেলপথাৰত জনসভা সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। হিন্দু, মুছলমান, শিখ সকলোৰে বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰীকাৰ। বিজেপিক ভোট নিদিলেও বিনামূলীয়া চাউল, আয়ুস্মান কাৰ্ড,অৰুণোদয়, স্কুটী, বিনামূলীয়া এডমিছন সকলো কৰাই দিছে বিজেপিয়ে। চামগুৰিৰ সকলো মুছলমানে লাভ কৰিছে এই সকলো সুবিধা। সেয়ে এইবাৰ কংগ্ৰেছক ভোট নিদি বিজেপিক ভোট দিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ। প্ৰদ্যুৎ বৰদলৈক কোনেও চিনি নাপাই তেওঁৰ মাৰ্ঘেৰিটাত ঘৰ। সাংসদ গৌৰৱ গগৈকো আজিলৈ দেখা নাই বুলি উল্লেখ কৰে ৰাইজে। কংগ্ৰেছক লাহৰিঘাটৰ মানুহে ৭০ বছৰ ভোট দিছে কিন্তু আজিলৈ একো নাপালে। অসমৰ হৈ, ৰাইজৰ হৈ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰীকাৰ। যিসকল মহিলাই লাখপতি বাইদেউৰ ফৰ্ম ফিলাপ কৰিছে তেওঁলোকক ৩ মাহৰ ভিতৰত ১০ হাজাৰ টকা দিব। গতিকে এনেবোৰ উন্নয়নৰ বাবে ৰাইজক বিজেপিক ভোট দিবলৈ অনুৰোধ জনায় মন্ত্ৰী পীযুষ হাজৰীকাই।

Featured