যোৰহাটত বিজেপি যুৱ মৰ্চাৰ বাইক ৰেলীত অংশগ্ৰহণ মন্ত্ৰী পীয়ূষৰ

বিশেষ বাৰ্তা, ২৬ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আজি যোৰহাটত ভাৰতীয় জনতা যুৱ মৰ্চাৰ লৈ বৃহৎ মটৰ চাইকেল ৰেলী উলিয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰিলে। প্ৰায় দুই সহস্ৰাধিক মটৰ চাইকেলৰ বৃহৎ ৰেলীৰে ভাৰত মাতা কী জয় ধ্বনিৰে যুৱ মৰ্চাৰ কৰ্মীয়ে উত্তাল কৰি তোলে যোৰহাটৰ আকাশ বতাহ। ভাৰতীয় জনতা যুৱ মৰ্চাই উলিওৱা এই মহা মটৰ চাইকেল ৰেলীত অংশ গ্ৰহণ কৰি মন্ত্ৰী পীযূষ হাজৰীকাই কয় এই বৃহৎ ৰেলীয়ে প্ৰমাণ কৰিছে যোৰহাট আৰু অসমত বিজেপি শক্তিশালী। আগন্তুক নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ বহু লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাটো নিশ্চিত। ইতিমধ্যে তপন কুমাৰ গগৈৰ জয় যোৰহাট সংসদীয় সমষ্টিৰ ৰাইজে নিশ্চিত কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰীকাই। বাইক ৰেলীত অংশ গ্ৰহণ কৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই কয় যে এয়া সাধাৰণ ৰেলী নহয়। এই ৰেলীয়ে প্ৰমাণ কৰিলে যুৱ শক্তি কাৰ লগত আছে। এই ৰেলীয়ে প্ৰমাণ কৰিলে বিজেপিৰ লগত যুৱ শক্তি আছে। উন্নয়নৰ আৰু অস্তিত্ব ৰক্ষা কৰাৰ দলটোৰ লগত যুৱ শক্তি থকা বুলি উল্লেখ কৰি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আৰু কয় যে যোৰহাটৰ যুৱ শক্তি সংকল্পবদ্ধ হৈছে যে তপন কুমাৰ গগৈক বৃহৎ ভোটৰ ব্যৱধানত জয়ী হব। প্ৰধানমন্ত্ৰী মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত উন্নয়নৰ জোৱাৰ উঠিছে। যুৱ শক্তিক যিখিনি আশ্বাস আৰু বিশ্বাস লগে সেইসমূহ বিজেপি দলে দিব পৰিছে। যি দলত যুৱ শক্তি আশ্বাস আৰু বিশ্বাস আছে তেনে দলৰ উত্থান কেতিয়াও ৰুধিব নোৱাৰে বুলি মন্তব্য কৰি যুব মৰ্চাৰ ৰাজ্যিক সভাপতি বৰুৱাই কয় যে ভাষণ দিয়া নেতা আমাক নালাগে। ৰাইজৰ লগত থকা আৰু শিপাৰে সম্পৰ্ক থকা নেতাৰ প্ৰয়োজন। দেশৰ মূল শক্তি যুৱ শক্তি বুলি উল্লেখ কৰি আজিৰ এই বৃহৎ ৰেলীয়ে ইয়াকেই প্ৰতিপন্ন কৰিলে বুলি কয়। ভাৰতীয় জনতা যুৱ মৰ্চাৰ এই ৰেলীত বিজেপিৰ ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামী, যোৰহাটৰ প্ৰভাৰী পল্লৱ লোচন দাসে অংশ লয়। যোৰহাট ৰজাবাৰীৰ আই টি আই খেলপথাৰৰ পৰা ভাৰতীয় জনতা যুৱ মৰ্চাৰ এই মটৰ চাইকেল ৰেলী নগৰৰ গড়আলিৰে প্ৰৱেশ কৰি বৰি গাঁৱত মাজৰে বাইপাচ হৈ অজন্তা হলৰে আহি এ টি ৰোডত প্ৰৱেশ কৰি শতাব্দী উদ্যানত সমাপন কৰে।

প্ৰেৰক ৰঞ্জিত ভূঞা

Featured