🎯 তিনি দিনত জিঅ’ টিউবেৰে মথাউৰি মেৰামতিৰ আশ্বাস
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ জুলাইঃ: মন্ত্ৰী পীযুষ হাজৰীকাই আজি গোলাঘাট জিলাৰ নুমলীগড়ৰ সমীপৰ মহুৰামুখ বংকোৱালত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ছিগি যোৱা মথাউৰি পৰিদৰ্শন কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয়। আজি পুৱা এই মথাউৰি ছিগি কাষৰীয়া অঞ্চলটো প্লাৱিত কৰি তুলিছে। চৰকাৰী কাৰ্যসূচীৰে কাৰ্বি আংলং ভ্ৰমণত থকা জলসম্পদ মন্ত্ৰীগৰাকীয়ে মহুৰামুখৰ মথাউৰি ছিগাৰ খবৰ পোৱাৰ লগে লগে ততাতৈয়াকৈ এই স্থানত উপস্থিত হৈ লাইফবোটৰ সহায়ত মথাউৰিৰ ছিগা অংশৰ সমীপলৈ যায় আৰু জলসম্পদ বিভাগৰ অভিযন্তাক ৩ দিনৰ ভিতৰত নতুন প্ৰযুক্তিৰ সহায়ত জিঅ’ টিউবেৰে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰি ছিগা মথাউৰিটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।