কাছাৰৰ ভাৰত-বাংলা সীমান্তৰ শ্লুইচ গেট পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰীকাৰ

🎯 কাছাৰৰ বৰখোলাত জাতিংগা নৈৰ খহনীয়াও পৰিদৰ্শন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জুলাই : বৰাক উপত্যকা ভ্ৰমণত আছে মন্ত্ৰী পীয়ুষ হাজৰীকা। বানে ইতিমধ্যে জুৰুলা কৰিছে বৰাকবাসীক। বানৰ পিছৰ অৱস্থা পৰ্যবেক্ষণৰ বাবে কালি উপস্থিত হোৱাৰ পিছত আজি কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ ভাৰত-বাংলাদেশ সীমান্তত উপস্থিত হয় মন্ত্ৰী হাজৰীকা। কিয়নো ভাৰত বাংলা সীমান্ত আছে ৬খন শ্লুইচ গেট। ইয়াত মুঠ ৪০খন শ্বাটাৰ আছে। ইয়াৰে ৩৩খন শ্বাটাৰ কাৰ্যক্ষম হৈ আছে আৰু ৭খন শ্বাটাৰ বাঢ়নী পানীৰ প্ৰভাৱত কাৰিকৰী বিজুতিৰ বাবে কাৰ্যক্ষম হৈ থকা নাই। ব’র্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে নিৰ্মাণ কৰা এই শ্লুইচ গেটকেইখন ২০২২ চনৰ পৰা জলসম্পদ বিভাগে পৰিচালনা কৰি আছে। আজি ইয়াৰে বলেশ্বৰ আৰু ফইস্কাত থকা শ্লুইচ গেট দুখন পৰিদৰ্শন কৰে মন্ত্ৰী হাজৰীকাই। পৰিদৰ্শন কালত স্থানীয় ৰাইজৰ লগতে বিভাগীয় বিষয়াৰ সৈতে গেটকেইখনৰ বিষয়ে আলোচনা কৰে মন্ত্ৰী হাজৰীকাই। সমষ্টিটোত কাৰিকৰী বিজুতিৰ বাবে কাৰ্যক্ষম হৈ নথকা ৭খন শ্বাটাৰ পানী কমাৰ লগে লগে সম্পূৰ্ণ কাৰ্যক্ষম কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই। পৰিদৰ্শন কৰাৰ অন্তত মন্ত্ৰী হাজৰীকাই কয়, এই ৬খন শ্লুইচ গেট নিয়মীয়াকৈ চোৱা-চিতা কৰিবলৈ স্থানীয় ৰাইজৰ মাজত জিলা প্ৰশাসনে ৬খন কমিটী গঠন কৰি দিব। এই কমিটীসমূহে শ্লুইচ গেটসমূহ চোৱা-চিতা কৰি থাকিব আৰু কিবা অসুবিধা, বিজুতি প্ৰত্যক্ষ কৰিলে জলসম্পদ বিভাগৰ সৈতে শীঘ্ৰে যোগাযোগ কৰিব। চোৱা-চিতাৰ কামৰ বাবে কমিটীকেইখনক বিভাগে বাৰ্ষিক ২৫ৰ পৰা ৫০ হাজাৰ টকাকৈ পুঁজি যোগান ধৰিব। কমিটীকেইখন গঠন কৰি দিবলৈ জিলা আয়ুক্তক আজি পৰিদৰ্শন কালতে নিৰ্দেশ দিয়ে মন্ত্ৰী হাজৰীকাই। পৰিদৰ্শন কালত বিধায়ক ক্ৰমে কৌশিক ৰায়, দীপায়ন চক্ৰৱৰ্তী আৰু কমলাক্ষ্য দে’ পুৰকায়স্থ, কাটিগড়াৰ প্ৰাক্তন বিধায়ক অমৰ চান্দ জৈন, জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰায় উপস্থিত থাকে। ইফালে কাছাৰ জিলাৰ বৰখোলাত জাতিংগা নৈৰ খহনীয়াও পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। নৈখনৰ খহনীয়াই এখন বিদ্যালয়ৰ লগতে কেইটামান ৰাজহুৱা সম্পত্তিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। সেয়ে সেই স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে পৰ্যায়ক্ৰমে এই অঞ্চলত খহনীয়া ৰোধৰ বাবে কাম কৰা আৰু সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে। পৰিদৰ্শন কালত বিভাগীয় অভিযন্তাক ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত খহনীয়া ৰোধৰ কাম কৰিবৰ বাবে প্ৰাককলন সাজু কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

CM Sarbananda SonowalFeatured