জাগীৰোডৰ ৰাজপথত ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ মন্ত্ৰী পীয়ুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জাগীৰোডবাসী ৰাইজৰ সহযোগত জাগীৰোডত ত্ৰিৰংগা সমদল উলিওৱা হয়। মন্ত্ৰী পীযুষ হাজৰীকাই এই সমদলত অংশগ্ৰহণ কৰে। সমদলটো জাগীৰোডৰ লোকনিৰ্মাণ পথ বিভাগৰ পৰিদৰ্শন বাংলোৰ পৰা জাগীৰোড অভাৰব্ৰীজ হৈ পুনৰ পৰিদৰ্শন বাংলোলৈকে উভতি আহে। দেশপ্ৰেমৰ ভাৱধাৰাৰে উদ্বুদ্ধ এই সমদলটোত কিশোৰ-কিশোৰীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈকে হাজাৰ হাজাৰ লোকে হাতে হাতে ত্ৰিৰংগ পতাকা লৈ ভাগ লয়। “ভাৰত মাতৃৰ জয়” ধ্বনিৰে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰি সকলোৱে সমস্বৰে দেশমাতৃৰ বন্দনাত আকাশ বতাহ মুখৰ কৰি তোলে। উল্লেখ্য যে দেশজুৰি অনুষ্ঠিত হৰ ঘৰ ত্রিৰংগা কাৰ্যসূচীৰ অংশৰূপে মৰিগাঁও জিলাতো মানুহৰ হৃদয়ত লুকাই থকা দেশপ্ৰেমৰ ভাৱধাৰাক অধিক উদ্বুদ্ধ কৰি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। হৰ ঘৰ ত্রিৰংগা কেৱল এক কাৰ্যসূচী নহৈ যাতে মানুহৰ হৃদয়ৰ এক স্বতঃস্ফুৰ্ত আহ্বান হয়, সেয়া সুনিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনে পাৰ্যমানে প্ৰয়াস কৰিছে। আজিৰ ত্রিৰংগা সমদলত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জাগীৰোড উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ দিব্যজিত নেওগ আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা ৰাইজে অংশগ্ৰহণ কৰে।
প্ৰেৰক প্ৰতাপ হাজৰিকা
Featured