হিতাধিকাৰীক অনুদান বিক্ৰী নকৰিবলৈ আহ্বান মন্ত্ৰী পীয়ূষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ অনুসূচিত জাতিৰ ৬০গৰাকী ব্যক্তিলৈ গ্ৰাফিক্স ডিজাইনাৰ ইউনিট বিতৰণ কৰা হৈছে। এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰীকাৰ। তেওঁ কয় চৰকাৰৰ দিনত পিছপৰা শ্ৰেণীৰ বিশেষ লোক সকলক লৈ ভাল ভাল পদক্ষেপ লবলৈ চেষ্টা কৰা হৈছে। আমি হিতাধিকাৰীসকলক আমি বহুতো সামগ্রী বিতৰণ কৰোঁ, কিন্তু পিছত গৈ হিতাধিকাৰীসকলে সেই সামগ্ৰী পিছত আনক বিক্ৰী কৰে। হিতাধিকাৰীসকলে যদি সামগ্ৰীসমূহ বিক্ৰী কৰিলে উন্নয়ন কেনেকৈ হব। হিতাধিকাৰীসকলক সামগ্ৰীসমূহ বিক্ৰী নকৰিবলৈ আহ্বান মন্ত্ৰী পীয়ূষ হাজৰীকাৰ। তেওঁ লগতে কয়, অনুসূচিত জাতিৰ গাঁৱত ৫২খন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হব। প্ৰসংগক্ৰমে তেওঁ কয় যে আজি ৬০গৰাকী ব্যক্তিলৈ অসম চৰকাৰে কিবা এটা দিবলৈ সুবিধা পাই আনন্দিত হৈছো। অসম আমাৰ চকুৰ আগতেই দোপতদোপে আগবাঢ়িছে। ৰাস্তা পথ, নিবনুৱা সমস্যা, চিকিৎসা ক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন আহিছে। সৰ্বক্ষেত্ৰতে উন্নয়ন কৰিব বিচাৰিছে চৰকাৰে। সংবিধানৰ বিশেষ অধিকাৰপ্ৰাপ্ত এই শ্রেণীৰ লোকৰ সবলীকৰণৰ বাবে এই গ্ৰাফিক্স ডিজাইন ইউনিট বিতৰণ কৰিবলৈ ওলাইছোঁ। আমাৰ হিতাধিকাৰীসকলে বস্তু সম্পদবোৰ ভালদৰে ব্যৱহাৰ নকৰে। ইয়াৰ পূৰ্বে আমি হাজাৰ হাজাৰ ট্ৰেক্টৰ দিছিলো কিন্তু ট্ৰেক্টাৰ পোৱা মালিকবোৰে পুনৰ সেই ট্ৰেক্টৰবোৰ আনলৈ বিক্ৰী কৰি দিছিল। আত্মসহায়ক আঁচনিৰে সহায় কৰিবলৈহে আপোনালোকক এই ইউনিটবোৰ দিছো। কেইটামান টকাৰ বাবদ এই ইউনিটবোৰ বিক্ৰী কৰি নিদিব। এই ইউনিটেৰে স্বাৱলম্বী হ’বলৈহে আপোনালোকক দিছো। ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছো যে যোৱাবাৰৰ চৰকাৰৰ দিনত আমি ১৫-২০ হাজাৰ ট্ৰেক্টৰ দিছিলো কিন্তু কিছু লোকে বিক্ৰী কৰি দিছে। এইবাৰ কিন্তু মই চবৰে খবৰ ৰাখিম। সমষ্টিৰ বিধায়কসকলৰ পৰা মই এই সমষ্টিৰ ল’ৰা ছোৱালীবোৰে গ্ৰাফিক্স ডিজাইনেৰে কাম কৰিছে নে নাই খবৰ ৰাখিম। বিভাগীয় আয়ুক্ত সচিবে খবৰ ৰাখিব। প্ৰথমবাৰৰ বাবে অনুসূচিত জাতি থকা এলেকাত ৫২খন মিনি ষ্টোডিয়াম বনাবলৈ আমি থিৰাং কৰিছো। লগতে অনুসূচিত জাতি থকা সমষ্টিৰ ৫০০ নামঘৰলৈ আমি আৰ্থিক অনুদানো আগবঢ়াইছোঁ। এই চৰকাৰৰ দিনতেই ৯৫ হাজাৰ চৰকাৰী চাকৰি দিলো আৰু তাৰ ভিতৰত অতিকমেও ৬ হাজাৰ প্ৰাৰ্থী অনুসূচিত জাতিৰ আছে। অসমক আগুৱাই লৈ যাবলৈ আমি কাম কৰিছোঁ। মই জলসম্পদ বিভাগৰো মন্ত্ৰী। নদীৰ পাৰত সাধাৰণতে অনুসূচিত জাতিৰ লোক থাকে আৰু উজনিত মিচিং জনজাতিৰ লোক থাকে। এই এলেকাবোৰত আমি বানৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছো। ভগৱানৰ কৃপাত মই নামনিৰ বজালী আদি এলেকাতো বান নিয়ন্ত্ৰণ কৰি মাছ মৰা সম্প্ৰদায়ৰ উন্নয়ন সাধিব পাৰিম বুলি আশাবাদী।

Featured