কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰীৰে মন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ বৈঠক

বিশেষ বাৰ্তা, ২০ জুন : আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং, ৬নং ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰছিং তিছ’, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং, হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য লুনছিং টেৰণ, অসম ৰাজ্যিক বিজেপিৰ এছ টি মৰ্চাৰ কোষাধ্যক্ষ ধীৰেন ৰংহাং আৰু কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰতিনিধিৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী ডা: ৰণোজ পেগুৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । মন্ত্ৰীগৰাকীৰ দিছপুৰস্থিত নিজ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত বৈঠকখনত ২০২১ চনত স্বাক্ষৰিত ত্ৰিপাক্ষিক কাৰ্বি শান্তি চুক্তি অনুসৰি কাৰ্বি আংলঙৰ বাহিৰৰ কাৰ্বি জনগোষ্ঠীয় গাঁও আৰু লোকসকলৰ কল্যাণৰ বাবে এখন পৰিষদ গঠন সন্দৰ্ভত সভাত আলোচনা কৰা হয় আৰু বিষয়টো শীঘ্ৰে নিষ্পত্তি কৰাৰ ৰূপৰেখা নিৰূপণ কৰা হয়। এই সংক্ৰান্তত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাই দিয়াৰ লগতে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি সমাধান সূত্ৰ উলিওৱাৰ প্ৰয়াস কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে । আজিৰ বৈঠকত কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰতিনিধিৰ হৈ প্ৰাক্তন পি ডি চি কেৰ অধ্যক্ষ ছংবিজিত ইংতি কাঠাৰে অংশ লয় ।

প্ৰেৰক ৰাজু কাঠাৰ

Featured