মিছন বসুন্ধৰা ড০ হিমন্ত বিশ্ব শৰ্মা স্বপ্নৰ প্ৰকল্প : ৰাজ্যিক বিজেপি

তোষামোদৰ ৰাজনীতিত ব্যস্ত কংগ্ৰেছত পৰিশেষত মিঞা লোকহে থাকিবগৈ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ “ভাৰতীয় জনতা পাৰ্টীয়ে সদায়েই বিশ্বাস কৰে যে জাতি, মাটি, ভেটি সুৰক্ষিত হৈ থাকিলেহে অসমীয়া তথা ভাৰতীয় সমাজ সদায় সুৰক্ষিত হৈ থাকিব। এয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ কোনো শ্লোগান নহয়, ব্যৱহাৰিকভাৱে এইক্ষেত্ৰত কেনেদৰে সফলতাৰে ৰাইজলৈ সেৱা আগবঢ়াইছে তাৰ প্রমাণ অসমবাসীয়ে ‘মিছন বসুন্ধৰা’ আঁচনিৰ জৰিয়তে প্ৰত্যক্ষ কৰিছে।” – এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ। আজি দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয়, মাটি-বাৰী সংক্ৰান্তীয় সকলো কাম ডিজিটাইজেশ্যনৰ জৰয়িতে সৰলীকৃত কৰি লিপিবদ্ধ কৰাৰ সমান্তৰালভাৱে অসমৰ ৰাইজে মাটি-বাৰী সংক্ৰান্তীয় সকলো সমস্যাৰ ফলপ্ৰসূ সমাধানৰ কাৰণে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ‘মিছন বসুন্ধৰা” আঁচনিৰ অধীনত নিৰলসভাৱে কাম কৰি আছে। এই আঁচনিৰ প্রথম পৰ্যায় ইতিমধ্যে সফলভাৱে সমাপন হোৱাৰ পিছত ‘মিছন বসুন্ধৰা-২.০” সফলভাৱে আগবাঢ়িছে। মুখপাত্ৰগৰাকীয়ে পুনৰাই কয়, ‘মিছন বসুন্ধৰা-১” ৰ অধীনত ২৭,৪৮,১৫২খন আবেদন লাভ কৰিছিল আৰু ইয়াৰে ৮৮ শতাংশ অৰ্থ্যাৎ ২৪,১০,৩০৭খন আবেদন নিষ্পত্তি হৈছে, ১৯,০১,৮৬১গৰাকীক সেৱা প্রদান কৰা হৈছে। এই সফলতাৰ পৰৱৰ্তী পদক্ষেপ হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বপ্নৰ প্রকল্প আৰু ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম সংকল্প ‘মিছন বসুন্ধৰা-২.০””ৰ কামো আৰম্ভ হৈছে। ইয়াৰ অধীনত এই মাহত ২,২৯,৬৫৯খন ভূমি পট্টা প্ৰদান কৰা হ’ব। ইয়াৰে ভিতৰত ১,৯২,০৫৬ অৰ্থ্যাৎ ৮৪ শতাংশ প্রস্তাৱ অনুসূচিত জনজাতি, অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীলৈ দিয়া হৈছে। ইয়াৰ বাবে ৰাজ্যিক বিজেপিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্ম নেতৃত্বাধীন অসম চৰকাৰৰক অশেষ ধন্যবাদ জনোৱাৰ লগতে ভূমি পট্টা লাভ কৰা প্রতিগৰাকী খিলঞ্জীয়ালৈ আন্তৰিক অভিনন্দন জনাইছে। আনহাতে বিৰোধী ৰাজনৈতিক দল সম্পৰ্কত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে সৰ্বভাৰতীয় পৰ্যায়ত ইণ্ডি এলায়েন্স কি পৰ্যায় পাইছে গৈ সেয়া সমগ্ৰ দেশবাসীয়ে প্ৰত্যক্ষ কৰিছে। অসমতো এনজিঅ’ৰ পৰা আৰম্ভ কৰি কোনো নাম-নিচান নথকা দলক লৈ তেওঁলোকে এলায়েন্স কৰিছিল। ইয়াত কোনো নতুনত্ব নাই। প্ৰত্যেকটো নিৰ্বাচনতে অসমবাসীয়ে তেওঁলোকক নস্যাৎ কৰিছে। ইণ্ডি এলায়েন্সক অনৈতিক বুলি কটাক্ষ কৰি তেওঁ লগতে কয় অসম আন্দোলনৰ সময়ত কংগ্ৰেছে ৮৫৫জন অসমীয়াক গুলীয়াই হত্যা কৰিছিল। সেই কংগ্ৰেছৰ লগত জাতীয়তাবাদীৰ পোছাক পিন্ধা লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন ৰাজনৈতিক দলটো নতশিৰ হোৱাটো অত্যন্ত দুভাৰ্গ্যজনক আৰু গৰিহণাৰ যোগ্য । বিজেপিলৈ কংগ্ৰেছ তথা অন্য বিৰোধী দলৰ লগতে ভিন্নক্ষেত্ৰৰ নাগৰিকৰ আগমন সম্পৰ্কত সোধা এক প্রশ্নৰ উত্তৰত মাৰ্ঘেৰিটাই কয় যে দলৰ নীতি-আদৰ্শ-দৰ্শনক সৰোগত কৰি সমৰ্পিতভাৱে বিজেপিৰ মঞ্চৰ পৰা স্বদেশৰ বাবে কাম কৰিবলৈ সংকল্প লোৱা প্রতিজন ব্যক্তিৰ বাবেই বিজেপিৰ দুৱাৰ খোলা। কংগ্ৰেছৰ বহু লোকে যোগদানৰ বাবে আগ্ৰহ প্রকাশ কৰাটো সঁচা। ৮৫৫জন শ্বহীদৰ হত্যাৰ ইতিহাসেৰে কলুষিত, সনাতন সংস্কৃতিৰ বিৰুদ্ধাচৰণ কৰা আৰু
বাংলাদেশীৰ মিঞাৰ তোষামোদত সমৰ্পিত দলটোৰ পৰা পৰিত্ৰাণ বিচৰাটো এক স্বাভাৱিক কথা। আনকি মহাপুৰুষীয়া সাংস্কৃতিক পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হোৱা তথা এটা শিক্ষিত-সাংস্কৃতিক পৰিয়ালৰ সদস্য, কংগ্ৰেছ সভাপতি ভূপেন বৰায়ো বিজেপিত যোগদানৰ বাবে আবেদন কৰিবলৈ বেছি দিন নাই। অৱশ্যে তেতিয়া তেওঁ গান্ধী-ৱড্ৰা পৰিয়ালৰ পৰিৱৰ্তে অসমী আই তথা ভাৰত মাতৃক বন্দনা কৰিব লাগিব। তোষামোদৰ ৰাজনীতিত ব্যস্ত কংগ্ৰেছত পৰিশেষত মিঞা লোকহে থাকিবগৈ আৰু অসমত মূলতঃ কংগ্ৰেছ-এ আই ইউ ডি এফৰ নেতৃত্বত মিঞাসকল আৰু বিজেপি মিত্ৰজোঁটৰ নেতৃত্বত খিলঞ্জীয়া লোকৰ ৰাজনৈতিক-সামাজিক প্রতিদ্বন্দ্বিতা হ’ব৷ সদ্যহতে কংগ্ৰেছ ব্যস্ত তোষামোদ আৰু বিজ্ঞপ্তি প্ৰদানত আৰু বিজেপি বৰ্তমান কৰ্তব্যৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনেৰে বিকশিত ভাৰত গঢ়াৰ সংকল্পৰে হাতে হাতে ধৰি আগুৱাই যোৱাত।

Featured