১৪ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰিব কোকৰাঝাৰ, নগাঁও, নলবাৰী চিকিৎসা মহাবিদ্যালয়

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ:   প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ১৪ এপ্রিলত এইম্ছৰ লগতে অসমৰ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব৷ সেইদিনা চাংসাৰিত এইম্ছৰ উদ্বোধনী অনুষ্ঠানস্থলীৰ পৰাই প্রধানমন্ত্রী মোদীয়ে কোকৰাঝাৰ, নগাঁও আৰু নলবাৰীৰ নৱনির্মিত চিকিৎসা মহাবিদ্যালয় তিনিখনো ‘ভার্চুৱেল’ মাধ্যমেৰে উদ্বোধন কৰিব৷ শেহতীয়াকৈ ৰাষ্ট্রীয় চিকিৎসা আয়োগ (এনএমচি)য়ে ২০২৩–২৪ চিকিৎসা শিক্ষাবর্ষৰ পৰাই এমবিবিএছ পাঠ্যক্রম আৰম্ভ কৰিবলৈ অনুমতি প্রদান কৰা এই তিনিওখন নতুন চিকিৎসা মহাবিদ্যালয় দেশৰ প্রধানমন্ত্রীগৰাকীৰ দ্বাৰা একত্রে উদ্বোধনৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে৷ ৰাজ্যৰ স্বাস্থ্য–পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্রী কেশৱ মহন্তই  কোকৰাঝাৰ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পুনৰ পৰিদর্শন কৰি দুয়োখন চিকিৎসা মহাবিদ্যালয়তে অহা ১৪ এপ্রিলৰ ভার্চুৱেল উদ্বোধনী অনুষ্ঠানৰ বাবে চলোৱা প্রস্তুতি সন্দর্ভত আলোচনা কৰে৷

বিভাগীয় মন্ত্রীগৰাকীয়ে মঙলবাৰে পুৱাৰ ভাগতে প্রথমে সতীর্থ মন্ত্রী উর্খাও গৌৰা ব্রহ্ম আৰু বিটিআৰ স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৰ সৈতে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত হৈ উদ্বোধনৰ বাবে চিকিৎসা মহাবিদ্যালয়খনক সাজু কৰি তোলাৰ বাবে কৰিব লগা অন্তিম পর্যায়ৰ নির্মাণকার্যকে ধৰি বিভিন্ন দিশসমূহ পর্যবেক্ষণ কৰে৷ বিটিআৰৰ মুৰব্বী প্রমোদ বডো আৰু মন্ত্রী ব্রহ্মক লগত লৈ স্বাস্থ্যমন্ত্রীগৰাকীয়্ চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত বিটিআৰ প্রশাসন, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিভাগীয় মুৰব্বীসকল আৰু একাধিক চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে এখন বৈঠকতো মিলিত হয়৷ এই বৈঠকত বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিআৰ স্বায়ত্ত পৰিষদৰ কার্যবাহী সদস্য (স্বাস্থ্য বিভাগ) অৰূপ কুমাৰ দে’, বিটিআৰ প্রশাসনৰ প্রধান সচিব অনুৰাগ গোৱেল, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বর্মন, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অতুল বাৰো, অধীক্ষক ডাঃ ভুবনেশ্বৰ শইকীয়া, কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য), যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, লোকনির্মাণ (গৃহ আৰু পথ)ৰ কার্যবাহী অভিযন্তা–ভিযন্তা, এপিডিচিএলৰ বিষয়া আৰু নির্মাণকাৰী প্রতিষ্ঠানৰ কার্যবাহীও উপস্থিত থাকে৷

Featured