দুষ্টচক্রৰ তৎপৰতাঃ টেট উত্তীর্ণ কৰাই দিব বুলি প্রার্থীলৈ মেছেজ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ  শিক্ষক নিযুক্তিৰ বাবে শেহতীয়াকৈ অনুষ্ঠিত কৰা টেটৰ পাছতে পুনৰ সক্রিয় হৈ পৰিছে এটা অসাধু চক্র৷ টেটত উত্তীর্ণ কৰাই দিয়া হ’ব বুলি যোগাযোগ কৰিবলৈ একাংশ প্রার্থীলৈ এই দুষ্টচক্রটোৱে হোৱাট্ছএপযোগে প্রেৰণ কৰিছে মেছেজ৷ এই দুষ্টচক্রটোৰ পৰা মেছেজ লাভ কৰাৰ পাছতে একাংশ প্রার্থীয়ে বিষয়টো দৃষ্টিগোচৰ কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ৷

ইতিমধ্যে এই দুষ্টচক্রটোৰ বিৰুদ্ধে তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে চি আই ডিক দায়িত্ব অর্পণ কৰিছে৷ আজি এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে এই বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে চৰকাৰে অসম আৰক্ষীক অৱগত কৰিছে৷ ইতিমধ্যে অসম আৰক্ষীয়েও এই দুষ্টচক্রটোৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ৷ এই গোচৰৰ বাবে চি আই ডিয়ে এটা বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰিছে৷ শীঘ্রে প্রার্থীসকলক প্রলোভিত কৰিব বিচৰা এই দুষ্টচক্রটোৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি তেওঁ সদৰী কৰে৷

উল্লেখ্য যে কিছুদিন পূর্বে ভুৱা টেটৰ প্রমাণ–পত্রৰ জৰিয়তে নিযুক্তি লাভ কৰা একাংশ শিক্ষকক চাকৰিৰ পৰা বর্খাস্ত কৰিছিল ৰাজ্য চৰকাৰে৷ সমান্তৰালভাৱে ভুৱা টেটৰ প্রমাণ–পত্র প্রদান কৰা চক্রটোৰ সৈতে জড়িত দালাল আৰু কেইবাজনো শিক্ষককো আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ পুনৰ টেটত অৱতীর্ণ হোৱা প্রার্থীসকলক মেছেজ প্রেৰণ কৰা কার্যই প্রতিক্রিয়া সৃষ্টি কৰিছে৷