নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : “অসমৰ বৰ্ণাঢ্য জনগোষ্ঠীয় ভাষা,সাহিত্য, সংস্কৃতি সাময়িক সংকটত পৰিলেও এইবোৰ কেতিয়াও হেৰাই নাযায়।অসমীয়া জাতি বা অসমত বসবাস কৰা জনজাতিয় – জনগোষ্ঠীয় সংস্কৃতিক অসমৰ মাটিত,বিশ্বৰ বুকুত জীয়াই ৰাখিব লাগিব। ইয়াৰ বাৱে প্ৰতিজন অসমীয়াৰ থাকিব লাগিব এক দৃঢ় সংকল্প। অসমৰ জাতি – জনগোষ্ঠীয় সাংস্কৃতিৰ সমন্বয়ে বৃহত্তৰ অসমীয়া জাতিক ঐক্যবদ্ধ কৰি ৰাখিব।” এইদৰে কয় ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখক-চিন্তাবিদ ড° মুকুন্দ শৰ্মাই কালি নিশাৰ ভাগত অনুষ্ঠিত ভৱানীপুৰৰ নিকটবৰ্তী ঐতিহাসিক কলবাৰী গাঁৱত উদযাপিত ৰঙালী বিহুৰ মুকলি বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰি দিয়া ভাষণত।ড° মুকুন্দ শৰ্মাই তেওঁৰ ভাষণত অসমৰ জনগোষ্ঠীয় সংস্কৃতিক সুৰক্ষিত কৰি আগুৱাই নিয়া সন্দৰ্ভত এক মনজ্ঞ তথা সৱলীল বক্তৃতা প্ৰদান কৰে। উল্লেখ্য যে কলবাৰী সমাজ কল্যাণ সংঘৰ উদ্যোগত কলবাৰী প্ৰাথমিক বিদ্যালয়ৰ বাকৰিত কালি সন্ধিয়াৰ পৰা মাজনিশালৈকে অনুষ্ঠিত হয় এক অতি আকৰ্ষণীয়, মনজ্ঞ অনুষ্ঠান মুকলি বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ।এই কাৰ্যক্ৰমণিকাত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লোক সংস্কৃতিৰ শিল্পী নীলকান্ত ৰহাং আৰু প্ৰতিভা দাস কেলেংপীৰ পৰিচালনাত গুৱাহাটীৰ “নীল – প্ৰতিভা সাংস্কৃতিক গোষ্ঠী”ৰ অৰ্ধশতাধিক শিল্পীয়ে কাৰ্বি জনগোষ্ঠীয় বিহু “দোমাহী কিমান” ,তিৱা জনগোষ্ঠীৰ বিহু “বৰট” ,ডিমৰীয়া অঞ্চলৰ মাছ মৰা সংস্কৃতি “লালিলাং নৃত্য”,বড়ো বাগুৰুম্বা নৃত্য পৃথকে পৃথকে চমকপ্ৰদভাৱে পৰিবেশন কৰে। তদুপৰি নীল – প্ৰতিভা সাংস্কৃতিক গোষ্ঠীৰ একুৰি শিল্পীয়ে পৰিবেশন কৰে “অসমৰ সুৰীয়া মাত”। চল্লিছ মিনিটযোৰা অসমৰ সুৰীয়া মাতত অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিত ব্যবহৃত থলুৱা লোকবাদ্যৰ সুৰ,লোক সংগীত আৰু লোকনৃত্য পৰিবেশন কৰে শিল্পীবৃন্দই। আনহাতে বজালী বিহুৱা দল,ভাৰেগাঁৱৰ পানচৈ বিহুৱা দলে মুকলি বিহু পৰিবেশন কৰাৰ লগতে কলবাৰী গাঁৱৰ বোৱাৰী জেংবিহু দলে জেংবিহু পৰিবেশন কৰে।আন এক উল্লেখ্য যে বিহুতলীত কাৰ্বি, তিৱা, বড়ো, লালুং, অসমীয়া বিহুৱা – বিহুৱতীয়ে প্ৰায় আধাঘণ্টা ধৰি নিজৰ নিজৰ স্বকীয় সাজপাৰ পৰিধান কৰি একেলগে সমন্বয়েৰে মুকলি বিহু প্ৰদৰ্শন কৰাত কলবাৰীৰ বিহুতলী জনগোষ্ঠীয় সমন্বয়ৰ থলীলৈ ৰূপান্তৰিত হয়। লগতে বিহুতলীত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত সমুহ কাৰ্যসুচীৰে আঁত ধৰে সাংবাদিক তথা প্ৰাক্তন বিহুৱা ৰাজীৱ তালুকদাৰে । দিনৰ ভাগত বিহু পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমেে- বিহু উদযাপন সমিতিৰ সভাপতি মাণিক দাস আৰু সম্পাদনা থুলেশ্বৰ কলিতাই।শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে ৰাষ্ট্ৰীয় শ্বহীদ দিলীপ কুমাৰ দাসৰ সহধৰ্মিনী প্ৰাঞ্জলী তালুকদাৰ, ৰাষ্ট্ৰীয় শ্বহীদ দিগন্ত বায়নৰ পিতৃ শংকৰ বায়ন আৰু শ্বহীদ হৰমোহন দাসৰ ভাতৃ ধৰ্মকান্ত দাসে। ইয়াৰ পিছতে খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়।আজি দিনৰ ভাগত ভেশচন, চিত্ৰাংকন, বিয়ানাম প্ৰতিযোগিতা, সন্ধিয়াৰ পৰা বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।নিশাৰ ভাগত স্থানীয় আৰু নিমন্ত্ৰিত শিল্পীয়ে গীত পৰিৱেশন কৰে।
প্ৰেৰক ভূষণ তালুকদাৰ