ভৱানীপুৰৰ ধুমাৰকুৰত ইব্ৰাহিম আলীৰ হত্যাকাণ্ডত ব্যৱহৃত পিষ্টল উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১০ জুলাই : ভৱানীপুৰৰ ধুমাৰকুৰত যুৱ ব্যৱসায়ী ইব্ৰাহিম আলীক নিজ বাসগৃহতেই পিষ্টলেৰে গুলীয়াই, দাৰে ঘপিয়াই হত্যা কৰা এক শিহৰণকাৰী হত্যাকাণ্ডত ব্যৱহৃত এটা পিষ্টল, ২ জাই সক্ৰিয় গুলী বজালী আৰক্ষীয়ে উদ্ধাৰ কৰে। উল্লেখ্য যে হত্যাকাণ্ডৰ স্থান ধুমাৰকুৰৰ নিকটবৰ্তী বজালীৰ তালতলত ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলৱে অভাৰব্ৰীজৰ তলত মাটিত পুতি লুকুৱাই থোৱা স্থানৰ পৰা আৰক্ষীয়ে মেগজিন, দুই ৰাউণ্ড সক্ৰিয় গুলীসহ উদ্ধাৰ কৰে ৭.৬৫ পিষ্টলটো। ১ জুলাইৰ নিশা ইব্ৰাহিম আলীৰ হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড আৰক্ষীৰ দ্বাৰা ধৃত হত্যাকাৰী মনোহৰ আলীয়ে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় পিষ্টলটো। হত্যাকাণ্ডৰ নায়ক মনোহৰ আলীক লগত লৈ আৰক্ষীৰ এটা দলে তালতলৰ ৰেলৱে অ’ভাৰব্ৰিজৰ তলত অভিযান চলাই উদ্ধাৰ কৰে গুলীসহ পিস্তলটো। ইব্ৰাহিম আলীক হত্যা কৰি মনোহৰ আলীয়ে লুকুৱাই থৈছিল গুলীসহ পিষ্টলটো।সম্প্ৰতি মূল অভিযুক্ত মনোহৰ আলীৰ স’তে আন চাৰি হত্যাকাৰীয়ে দহ দিনৰ আৰক্ষী জিম্মাত আছে আৰু আৰক্ষীয়ে আটাইকেইজন হত্যাকাৰীকেই জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে ২ জুলাইত ভৱানীপুৰৰ ৰাজাখাটত এজন আৰু ৩ জুলাইত গুৱাহাটীৰ এটা ল’জৰ পৰা ৪জন মুঠ পাঁচ হত্যাকাৰীক কৰায়ত্ত কৰি জেৰা অব্যাহত ৰাখিছে যদিও আৰক্ষীৰ জেৰাত কি কি তথ্য লাভ কৰিছে, সেয়া জানিব পৰা নাই।

প্ৰেৰক ভূষণ তালুকদাৰ

Featured