নগাঁৱত অতিৰিক্ত মাচুল সংগ্রহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ বিগত প্রায় এটা বছৰ ধৰি অতিমাৰী ক’ৰোনাৰ পৰিপ্রেক্ষিতত দেশজুৰি চলা তলাবন্ধৰ বাবে স্কুল–কলেজসমূহ সম্পূর্ণৰূপে বন্ধ হৈ পৰিছিল৷ অৱশ্যে অসমত ক’ৰোনাৰ ভয়াৱহতা কিছু হ্রাস পোৱাত বিগত ছেপ্ঢেম্বৰ মাহৰ পৰা কলেজৰ পৰা উচ্চ মাধ্যমিক পর্যায়লৈ শিক্ষানুষ্ঠানসমূহ ক’ৰেনাৰ প্রট’কল মানি পাঠদান আৰম্ভ কৰে৷ পিছলৈ ষষ্ঠ শ্রেণীলৈ পাঠদান আৰম্ভ কৰাৰ নির্দেশ দিয়া হয়৷ ইয়াৰ বিপৰীতে প্রাক্ প্রাথমিক পর্যায়ৰ শিক্ষানুষ্ঠানসমূহ অর্থাৎ ছয় বছৰৰ তলৰ ছাত্র–ছাত্রীসকলক শিক্ষানুষ্ঠানলৈ যোৱাত বাধা প্রদান কৰা হৈছে যদিও বিহুৰ পিছলৈ সকলোধৰণৰ শিক্ষানুষ্ঠান চৰকাৰে খুলি দিয়াৰ সম্ভাৱনা আছে৷ যাৰ বাবে ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাতো প্রাক্ প্রাথমিক পর্যায়ৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে ইতিমধ্যে ছাত্র–ছাত্রীৰ নামভর্তি প্রক্রিয়াৰ বাবে শিক্ষানুষ্ঠানসমূহে জাননী প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে মহামাৰী ক’ৰোনাৰ বাবে শিক্ষানুষ্ঠানসমূহত পাঠদান বন্ধ হৈ থকাৰ বাবে ৰাজ্য চৰকাৰে বছৰেকীয়া পৰীক্ষা অবিহনেই ছাত্র–ছাত্রীক উত্তীর্ণ কৰাই দিবলৈ নির্দেশ দিছে৷ ইপিনে, আগন্তুক ৰঙালী বিহুৰ পিছত প্রাক্ প্রাথমিক পর্যায়ৰ শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ কথা ইতিমধ্যে চর্চিত হৈছে৷ যাৰ বাবে ছাত্র–ছাত্রী তথা অভিভাৱকে নিজৰ পছন্দৰ শিক্ষানুষ্ঠানখনত নামভর্তিৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে৷ কিয়নো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ছাত্র–ছাত্রীৰ আশাপ্রদ ফলাফল লাভ কৰাত অভিভাৱকসকল ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ প্রতি অতিকৈ আকর্ষিত হৈছে৷ ইয়াৰ পূর্ণ সুযোগ গ্রহণ কৰি জিলাখনৰ একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে ছাত্র–ছাত্রীৰ নামভর্তিৰ নামত অত্যধিক মাচুল সংগ্রহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷

উল্লেখ্য, অকল নগাঁও চহৰত দুকুৰিৰো অধিক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে৷ উচ্চ মাধ্যমিক স্তৰৰ পৰা প্রাক্ প্রাথমিক স্তৰৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত ভাল ফল প্রদর্শন কৰি অহা আগশাৰীৰ শিক্ষানুষ্ঠানকেইখন হৈছে– খ্রীষ্টজ্যোতি হাইস্কুল, লয়লা ইংলিছ মিডিয়াম স্কুল, মিছন হাইস্কুল, ৰামানুজন হাইস্কুল, ছেণ্ট এণ্টনীজ স্কুল, ৰেনেছা স্কুল আদি৷ এই শিক্ষানুষ্ঠানসমূহত নামভর্তিৰ নামত অত্যধিক মাচুল সংগ্রহ কৰাৰ অভিযোগ উঠিছে৷ অভিযোগ অনুসৰি, এটা ড্রাষ্টৰ অধীনত পৰিচালিত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত মিছন হাইস্কুলত প্রথম শ্রেণীৰ নামভর্তিৰ বাবদ সর্বাধিক ১০,৫০০ টকা অভিভাৱকৰ পৰা সংগ্রহ কৰিছে৷ আনহাতে, বিদ্যালয় কর্তৃপক্ষই কিতাপ পত্র ক্রয়ৰ বাবদ প্রায় দুই হাজাৰ টকা সংগ্রহ কৰিছে৷ তদুপৰি, প্রতিমাহে প্রতিগৰাকী শিক্ষার্থীৰ বাবদ টিউচন মাচুল হিচাপে ৭৫০ টকাকৈ সংগ্রহ কৰাৰ কথা উল্লেখ কৰা হৈছে৷ যিটো পূর্বৰ তুলনাত বহু বেছি বুলি অভিভাৱকসকলে অভিযোগ কৰিছে৷ এইদৰে চৰকাৰী নীতি–নির্দেশনাক অংগুষ্ট প্রদর্শন কৰি অত্যধিক মাচুল সংগ্রহ কৰাৰ বাবে ইতিমধ্যে একাংশ অভিভাৱকে বিদ্যালয়খনৰ অধ্যক্ষক অভিযোগ কৰিছে যদিও কোনো সুফল লাভ কৰা নাই৷ প্রাক্ প্রাথমিক পর্যায়ৰ ছাত্র–ছাত্রীৰ পৰাও অকল নামভর্তিৰ নামত দহ সহস্রাধিক টকাৰো অধিক ধন আদায় কৰাৰ অভিযোগো উঠিছে৷

ইপিনে, খ্রীষ্টজ্যোতি হাইস্কুলতো নামভর্তিৰ নামত অধিক ধন প্রতিগৰাকী শিক্ষার্থীৰ পৰা আদায় কৰাৰ বিপৰীতে লয়লা ইংলিছ মিডিয়াম স্কুলতো ভর্তি মাচুল ১৩ হাজাৰৰো অধিক টকা ধার্য কৰা হৈছে৷ যিটো পূর্বৰ তুলনাত বহু বেছি বুলি অভিভাৱকসকলে অভিযোগ তুলিছে৷ লগতে জিলাখনৰ অধিকাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়েও অত্যধিক হাৰত মাচুল সংগ্রহ কৰাৰ অভিযোগ উঠিছে৷ যাৰ ফলত মেধাসম্পন্ন নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছাত্র–ছাত্রীসকলে আগশাৰীৰ এই শিক্ষানুষ্ঠানত নামভর্তি কৰাবলৈ গৈ সমস্যাৰ সন্মুখীন হৈছে৷ মন কৰিবলগীয়া যে শিক্ষা বিভাগৰ নীতি–নিয়মক আওকাণ কৰি নগাঁৱৰ একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মালিক পক্ষই নিজৰ ব্যৱসায়ৰ সাম্রাজ্যখন টনকিয়াল কৰি তুলিছে৷ এইক্ষেত্রত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহক নাকী লগোৱা হ’ব বুলি ঘোষণা কৰা ৰাজ্যৰ শিক্ষা বিভাগে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷