নগৰবেৰাৰ চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰৰ ৰাজ্যিক সঁফুৰা বৃত্তিত সফলতা

নিয়মীয়া বাৰ্তা, ১ মে’ : ২০২৩-২৪ শিক্ষা বৰ্ষত আয়োজিত ৰাজ্যিক ভিত্তিৰ সঁফুৰা বৃত্তি পৰীক্ষাত নগৰবেৰাৰ ক্ৰমে আদৰ্শ বিদ্যালয়, দোকুচি আৰু শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয়ৰ দুগৰাকীকৈ কৃতী ছাত্ৰ মেধাৰ বলত স্থান লাভ কৰিবলৈ সক্ষম হোৱাত দুয়োখন শিক্ষানুষ্ঠানৰ লগতে অঞ্চলবাসীৰ মনলৈ উলাহ বন্যা নামিছে। বিশেষকৈ আগশাৰীৰ বহু শিক্ষানুষ্ঠানৰ পৰীক্ষাৰ্থীৰ সতে ফেৰ মাৰি স্থান প্ৰাপ্তিৰ কৃতিত্বই উৎফুল্ল সজাইছে শিক্ষকসকলকো। উল্লেখ্য যে ৰাজ্যিক ভিত্তিত আয়োজিত সঁফুৰা মজলীয়া বৃত্তি পৰীক্ষাত ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয় আদৰ্শ বিদ্যালয়, দোকুচিৰ সপ্তম মানৰ ছাত্ৰ ইয়াহিয়া আহমেদে (মজলীয়া)। একেদৰে নগৰবেৰাৰ কালুবাৰীস্থ শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয়ৰ পঞ্চম মানৰ ছাত্ৰ অনুৰাগ কলিতাই (নিম্ন প্ৰাঃ শাখাত) ১১৬ তম স্থান দখল কৰিবলৈ সক্ষম হয়। দুয়োগৰাকী মেধাসম্পন্ন ছাত্ৰৰ এই সফলতাৰ বাবে বৃহত্তৰ নগৰবেৰা অঞ্চলত উলাহ বন্যা নামিছে। আদৰ্শ বিদ্যালয় ,দোকুচিৰ অধ্যক্ষ ড° ৰমেন বায়ন আৰু শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কুলেন তালুকদাৰে আগলৈও যাতে এনে সফলতাৰ ধাৰা অটুট ৰয় তাৰ বাবে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক অধ্যয়নব্ৰতী হোৱাৰ লগতে শিক্ষাৰ্থী সকলৰ প্ৰতিভা আৰু মেধাশক্তিৰ উৎকৰ্ষ সাধনত শিক্ষক-অভিভাৱক সকলোৰে সহযোগিতা আৰু পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured