নগাঁৱত ধঁপাতবিৰোধী দিৱস উদযাপন

বিশেষ বাৰ্তা , ৩১ মেঃ নগাঁও জিলা প্ৰশাসন-নগাঁও ধপাত নিয়ন্ত্ৰণ শাখা আৰু নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। নগাঁও জিলাৰ উদ্যোগত কলং-কপিলী বিদ্যাপীঠ জুনিয়ৰ কলেজ ও মাধ্যমিক বিদ্যালয়ৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে কলং কপিলী বিদ্যাপীঠত বিশ্ব ধঁপাতবিৰোধী দিৱস উদযাপন কৰা হয়৷ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ বাবে কলং কপিলী বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলে নগাঁও চহৰত বিশাল সমদল উলিয়ায়৷ নগাঁও জিলা উন্নয়ন আয়ুক্ত সত্যজিৎ চেতিয়াই শোভাযাত্ৰা মুকলি কৰে। ইয়াৰ পিছতে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত সহকাৰী আয়ুক্ত জেৰিন গুলনাৰ ,নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা;অৰূপজ্যোতি মহন্ত, জেষ্ঠ চিকিৎসক ভূপেন বৰা, নগাঁও আইন সেৱা প্ৰাধিকাৰী, স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী আদিয়ে অংশগ্ৰহণ কৰে। কলং কপিলী জুনিয়ৰ কলেজ আৰু বিদ্যালয়ৰ ৰেক্টৰ বিধান বৰুৱাই আতধৰা অনুস্থানত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাও আয়োজন কৰা হয়৷বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল যাতে শিক্ষাৰে উদ্ভাষিত হৈ কোনোধৰনৰ ধপাতজাতীয় সামগ্ৰীত মূখ নিদিয়ে তাৰবাবে অভিভাৱক অভিভাৱিকাসকলক সজাগ সচেতন হৱলৈও আহ্বান জনাই বক্তা সকলে ৷

প্ৰেৰক কনক হাজৰিকা

Featured