নাহৰকটীয়া কলেজত অত্যাধুনিক কেণ্টিন মুকলি বিধায়ক তৰংগ গগৈৰ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰ : পঞ্চদশ বিত্ত আয়োগৰ অধীনত নাহৰকটীয়াৰ জয়পুৰ উন্নয়ন খণ্ডৰ কেন্দুগুৰি আঞ্চলিক পঞ্চায়তৰ মুঠ ৭ লাখ টকা আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ সাধাৰণ পুঁজিৰে নিৰ্মাণ কৰা নাহৰকটীয়া মহাবিদ্যালয়ৰ আটকধুনীয়া কেণ্টিনখন আজি উদ্বোধন কৰা হয়। মুঠ ১.৭৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কেণ্টিনখন আনুষ্ঠানিক ভাৱে ফিটা কাটি উদ্বোধন কৰে নাহৰকটীয়াৰ বিধায়ক তৰঙ্গ গগৈয়ে। উদ্বোধনী অনুষ্ঠানত জয়পুৰ উন্নয়ন খণ্ড বিষয়া ৰঞ্জিত বুঢ়াগোহাঁই, ডিব্ৰুগড় জিলা পৰিষদৰ সভাপতি ডেইজি ৰাণী ফুকন শ্যাম, নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ তুলসী মহন্ত, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, কেন্দুগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য শকুন্তলা তাঁতী, বিজেপিৰ জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতা, বিজেপিৰ নাহৰকটীয়া মণ্ডলৰ সভাপতি গকুল বড়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক গৌৰাংগ গগৈ আদিকে ধৰি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই অনুষ্ঠানতে ডিব্ৰুগড় জিলা পৰিষদৰ সভাপতি ডেইজি ৰাণী ফুকন শ্যামে নাহৰকটীয়া মহাবিদ্যালয়ৰ বাবে অনুভাষ যন্ত্ৰ ক্ৰয়ৰ বাবে দুই লাখ টকা অনুদান প্ৰদানৰ কথা ঘোষণা কৰে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা
Featured