ৰাজ্যিক ভিত্তিত টাং চু-ডু প্ৰতিযোগিতাত নলবাৰী তৃতীয় শ্ৰেষ্ঠ দল

নিয়মীয়া বাৰ্তা, ৯ জুলাই : অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত গেম ১২ বাৰ্ষিক ৰাজ্যিক ভিত্তিত টাং চু-ডু প্ৰতিযোগিতা ২০২৪ যোৱা ৬ জুলাইত গুৱাহাটীৰ কটন ইনড’ৰ ষ্টেডিয়ামত আই টি এফ টাং চু-ডু অসম সন্থাৰ অধীনত ল’ৰা-ছোৱালী উভয়ে ছাব-জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত হয় । উক্ত প্ৰতিযোগিতাত নলবাৰী জিলা টাং চু-ডু ক্ৰীড়া সন্থাৰ পৰা ৩১ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল এটাই অংশগ্ৰহণ কৰিছিল । প্ৰতিযোগিতাত নলবাৰীৰ দলটোৱে তৃতীয় শ্ৰেষ্ঠ দল হিচাপে বাছনি হয়। ৫টা সোণৰ, ৭টা ৰূপৰ‌‌ আৰু ‌৮টা বঞ্জৰ মুঠ ২০টা পদক লাভ কৰি নলবাৰীলৈ সুনাম কঢ়িয়াই আনে। সোণৰ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে বিনিত ৰঞ্জন শৰ্মা, হাৰ্দিক তালুকদাৰ, জাফৰিদ যেন আখতাৰ, দেৱশ্ৰী বৰ্মন, নেইনা শৰ্মা । ৰূপৰ পদক লাভ কৰা খেলুৱৈ ক্ৰমে চাকিল আহমেদ, ঋষি কাশ্যপ, ৰাজিউল আলী, মৌচম বৰ্মন, আফ্ৰিন জান্নাত, টিনাশ্ৰী মেনা, ভাৰ্গৱী শৰ্মা আৰু ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈসকল হ’ল ক্ৰমে জিচান্ত বৰ্মন, অন্নিশা ভৰদ্বাজ, অভ্ৰজিত সুভাষ ডেকা, প্ৰিঞ্চি কাশ্যপ, নিৰিৰ যুৱৰাজ শৰ্মা, ৰাজদ্বীপ কুমাৰ, দিউক পাটোৱাৰী, ধ্ৰিতিষ্মান ঠাকুৰীয়া । লগতে উক্ত প্ৰতিযোগিতাত নলবাৰীৰ জিলা টাং চু-ডু ক্ৰীড়া সাধাৰণ সম্পাদক আৰু মুখ্য প্ৰশিক্ষক আজহাৰুল আমিন, সভাপতি নয়নজ্যোতি তালুকদাৰ আৰু প্ৰশিক্ষক নিৰঞ্জন দাস উপস্থিত থকাৰ উপৰি আই টি এফ টাং চু-ডু অসম সন্থাৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈ আৰু অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ উপস্থিত থাকে ।

প্ৰেৰক শ্বাহ আলম আহমেদ

Featured