নলবাৰীৰ বৰকুৰা ৰে’লগেটত অঘটন

🔹 বিকানেৰ এক্সপ্ৰেছ ৰে’লৰ পৰা পৰি মৃত্যু যুৱকৰ

নিয়মীয়া বাৰ্তা, ২৯ জুন : নলবাৰীৰ বৰকুৰা ৰে’লগেটত সংঘটিত হৈছে এক অঘটন। নামনিমুৱা বিকানেৰ এক্সপ্ৰেছ ৰে’লৰ পৰা পৰি মৃত্যু ঘটে এজন যুৱকৰ । ৩০/৩৫ বছৰীয়া যুৱকজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই । গুৱাহাটীৰ পৰা ৰাজস্থান অভিমুখী 15634 নম্বৰৰ বিকানেৰ এক্সপ্ৰেছৰ পৰা ওলাই পৰে যুৱকজন । পিন্ধনত হাফপেন্ট আৰু স্পোৰ্টিং পৰিহিত যুৱকজনৰ লগত নাই কোনো নথি-পত্ৰ । যুৱকজন ৰে’লৰ পৰা পৰি যোৱাৰ সন্দেহ কৰা হৈছে । ইতিমধ্যে ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।

প্ৰেৰক শ্বাহ আলম আহমেদ

Featured