নগাঁও ছোৱালী কলেজৰ এই মাহৰ অতিথি অনুষ্ঠানত নমিতা ভট্টাচাৰ্য

নিয়মীয়া বাৰ্তা, ৯ মে’ : নগাঁও জিলাৰ নাৰী শিক্ষাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও ছোৱালী কলেজ ৷ শিক্ষানুষ্ঠানখনে প্ৰতিমাহে ৰাজ্যখনৰ ভিন্ন ক্ষেত্ৰৰ একো একোজন বিশেষ ব্যক্তিক কলেজখনলৈ নিমন্ত্ৰণ দি “এই মাহৰ অতিথি” নামেৰে এক অনুষ্ঠান আয়োজন কৰি আহিছে৷ বিগত মাহৰ দৰেই কলেজখনৰ ‘এই মাহৰ অতিথি’ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানটিত আজি অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্যই। অসমীয়া বিভাগৰ অধ্যাপিকা প্ৰাৰ্থনা হাজৰিকাই আতঁ ধৰা অনুষ্ঠানটিৰ শুভাৰম্ভ হয় ৰসায়ন বিভাগৰ ছাত্ৰী ৰানীমা কাকতিৰ ভায়’লিন বাদনেৰে। কলেজৰ অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাসে তেখেতৰ আদৰণি ভাষণত নগাঁও ছোৱালী কলেজে বিগত বৰ্ষৰ পৰা আৰম্ভ কৰা ‘এই মাহৰ অতিথি’ অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু অভ্যাগতসকলক স্বাগতম জনায়। বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্যই অসমীয়া সংগীতৰ ক্ষেত্ৰখনৰ বিভিন্ন দিশ সামৰি আগবঢ়োৱা বক্তব্যৰ উপৰি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড° মৃদুলা কাশ্যপ আৰু সংস্কৃত বিভাগৰ অধ্যাপিকা লোপামুদ্ৰা গোস্বামীে জনপ্ৰিয় কণ্ঠশিল্পী ভট্ৰাচাৰ্যৰ লগত এক অন্তৰংগ আলাপত মিলিত হয়। কথোপকথনৰ সুন্দৰ অনুষ্ঠানটিত অধ্যাপিকাদ্বয়ে আগবঢ়োৱা প্ৰশ্নোত্তৰৰ সমিধান আগবঢ়াই শিল্পী ভট্টাচাৰ্যই উপস্থিত সকলোকে উপকৃত কৰাৰ লগতে আপ্লুত কৰে। কথা বাৰ্তাৰ মাজে মাজে শিল্পীগৰাকীয়ে পৰিবেশন কৰা তেওঁৰ সৰ্বজনসমাদৃত চিৰসেউজ গীতসমূহে অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰে আৰু উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি ৰাখে। এডিপি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সদানন্দ পায়েং, চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ইন্দ্ৰজিৎ বেজবৰুৱা, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, নৱকুমাৰ মহন্ত, কৃষ্ণ দুলাল বৰুৱা, চিদানন্দ গোস্বামী, দিলৱাৰ হুচেইন, নিখিল নাৰায়ণ বৰুৱা, নয়নজ্যোতি শইকীয়া প্ৰমুখ্যে বহুতো গণ্যমান্য তথা সংগীতানুৰাগী ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। নগাঁও ছোৱালী কলেজে সাহিত্য-সংস্কৃতি, ক্ৰীড়া-সংগীত আদি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি একো একোজনক এনেদৰে আমন্ত্ৰণ জনোৱাৰ উদ্যোগটিক উপস্থিত সকলোৱে শলাগ লয়।

প্ৰেৰক প্ৰাঞ্জল বৰদলৈ

Featured