তামুলপুৰত বড়োলেণ্ড ৰাদাবৰ বৰ্ষপূৰ্তিত অংশগ্ৰহণ নৰেশ কলিতাৰ

✅বড়োলেণ্ড ৰাদাবৰ পাঁচ বছৰীয়া যাত্ৰা সহজ নাছিল

✅চাৰি দশকৰ সংগ্ৰামৰ অন্তত আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাভ বড়োসকলৰ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ : অকল বিটিআৰ বুলিয়েই নহয় আজি অসমৰ বাবে এক গৌৰৱৰ কথা। অসমৰ সংবাদক্ষেত্ৰখনৰ বাবে এক আদৰণীয় কথা যে এটা ৱেব পোৰ্টেলে আজি পাঁচটা বছৰ অতিক্ৰম কৰিলে। বড়োলেণ্ড ৰাদাব নামৰ এই ৱেব পোৰ্টেলটোৰ পাঁচ বছৰীয়া যাত্ৰা সহজ নাছিল- এই ভাষ্য নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাৰ । বড়োলেণ্ড ৰাদাব নামৰ ৱেব পোৰ্টেলটোৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে কালি তামুলপুৰত অনুষ্ঠিত এখন সভাত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাই এই মন্তব্য আগবঢ়ায় । তেওঁ পুনৰ কয়- এটা ৱেব পোৰ্টেল পাঁচ বছৰ ধৰি চলি থকাটো নিশ্চিতভাবে এটা কঠোৰ সংগ্ৰাম। এটা ৱেব পোৰ্টেলেই হওক, এখন বাতৰিকাকতেই হওক নাইবা এটা চেটেলাইট চেনেলেই হওক এই সকলোবোৰে ৰাইজৰ বাতৰিয়েই প্ৰচাৰ আৰু প্ৰসাৰ কৰে। এই সংবাদ প্ৰতিষ্ঠানসমূহৰ ওপৰত থকা ৰাইজৰ আস্থা আৰু বিশ্বাস তথা জনপ্ৰিয়তা কোনেও হ্ৰাস কৰিব নোৱাৰে । কিন্তু পঢ়ুৱৈ বা দৰ্শক যদি নাথাকে সেই বাতৰিকাকত বা চেনেলটোৰ স্থায়িত্বও নাথাকে। বিগত ৩৫ বছৰীয়া সাংবাদিকতাৰ যাত্ৰাত লাভ কৰা বিভিন্ন অভিজ্ঞতাসমূহৰ কথা উল্লেখ কৰি তেওঁ কয়- বড়োভূমিৰ আগৰ সেই বিভীষিকাময় পৰিৱেশ এতিয়া নোহোৱা হৈছে। বড়োসকলৰ চাৰি দশকৰ সংগ্ৰামৰ পিছত বিভিন্ন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। বড়ো ভাষা, বড়ো সাহিত্যৰ ক্ষেত্ৰটো বিকাশ আৰম্ভ হৈছে। বিগত সময়চোৱাত বড়ো ভাষাই স্বীকৃতি লাভ কৰিছে। বডোলেণ্ড ৰাদাবৰ সম্পাদক সেমনাথ বসুমতাৰীয়ে আঁত ধৰা সভাখনত উপস্থিত থাকি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে কয়, সাংবাদিকসকলে সাংবাদিকৰ আচৰণ বিধি উলংঘা নকৰাকৈ নিৰ্ভিক নিৰপেক্ষভাৱে সত্যনিষ্ঠ বাতৰি পৰিবেশন কৰিব লাগে। সাংবাদিকসকলে অতি কষ্ট সহকাৰে বিভিন্ন ধৰণৰ বাতৰি পৰিবেশন কৰি আহিছে। বডোলেণ্ড ৰাদাবৰ পাঁচ বছৰীয়া এই যাত্ৰাত সংপৃক্ত হৈ থকা সকলো সাংবাদিকলৈ তেওঁ তেওঁৰ ভাষণৰ জৰিয়তে আন্তৰিক শুভকামনা জ্ঞাপন কৰে। সভাত উপস্থিত থাকি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বডোলেণ্ড ৰাদাবৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে বডোলেণ্ড ৰাদাবৰ পৰিয়ালৰ আটাইলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু বডোলেণ্ড ৰাদাবৰ উত্তৰোত্তৰ কামনা কৰে। সভাত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ এমচিএলএ মাধৱ ছেত্ৰী, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, প্ৰাক্তন এমচিএলএ মদন মোহন মুছাহাৰী, বড়ো সাহিত্য সভাৰ সম্পাদক ড০ প্ৰনৱজ্যোতি নাৰ্জাৰী, অল বডোলেণ্ড ডিজিটেল সাংবাদিক সংস্থাৰ সভাপতি হাংগামা নাৰ্জাৰী, বডোলেণ্ড সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰমেন দাস, তামুলপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক গুনজিৎ দাস, বডোলেণ্ড ৰাদাবৰ পৰিচালন সঞ্চালক ডান্সৰাং ব্ৰহ্ম, বডোলেণ্ড ৰাদাবৰ মুখ্য সম্পাদক মৈখম বসুমতাৰী আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে কেক কাটি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে মাণ্ডাৰ হেণ্ডলুম টেক্সটাইলৰ পৰিচালন সঞ্চালক পাৰুল ভৰালী বড়োৱে।

প্ৰেৰক ৰজনী বৰ্মন

Featured