নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতালৈ শশী শৰ্মা সোঁৱৰণী প্ৰজ্ঞা বঁটা

🔴গোপালথান যজ্ঞভূমি উন্নয়ন সমিতিৰ বঁটা ঘোষণা

🎯১০ জুনত যজ্ঞভূমিত প্ৰদান কৰিব বঁটা

নিয়মীয়া বাৰ্তা, ২৫ মে’ : নলবাৰী জিলাৰ উত্তৰ-পূৱ বাঁহজানীৰ তেৰখন গাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান গোপালথান যজ্ঞভূমি উন্নয়ন সমিতিৰ অধীনৰ দীনেশ মিশ্ৰ সোঁৱৰণী কেন্দ্ৰীয় গ্ৰাম্য পুথিভঁৰাল সমিতিয়ে আজি সন্ধিয়া প্ৰথমবাৰৰ বাবে বঁটা ঘোষণা কৰে। উন্নয়ন সমিতিৰ অন্যতম উপদেষ্টা ৰবীন মিশ্ৰ, সভাপতি প্ৰভাস চক্ৰৱৰ্তী, সাধাৰণ সম্পাদক হিৰণ্য গোস্বামী, সহ সম্পাদক দীনেশ ডেকা, পুথিভঁৰালৰ সভাপতি দীলিপ কুমাৰ শৰ্মা, সম্পাদক তথা সাংবাদিক প্ৰাঞ্জল শৰ্মাই আজি এক বিজ্ঞপ্তিত জনোৱা মতে প্ৰয়াত সাহিত্যিক, চিন্তাবিদ, শিক্ষাবিদ শশী শৰ্মাৰ একক প্ৰচেষ্টাত আৰু অঞ্চলটোৰ বৌদ্ধিক ৰাইজৰ সহযোগত ভূমিষ্ঠ হোৱা এসময়ৰ কৃৰ্তিমান ছাত্ৰ দীনেশ মিশ্ৰ সোঁৱৰণী কেন্দ্ৰীয় গ্ৰাম্য পুথিভঁৰাল সমিতিয়ে এইবেলি প্ৰথমবাৰৰ বাবে অসমৰ বিভিন্ন ক্ষেত্ৰত ব্যুৎপত্তি সম্পন্ন তিনিগৰাকী বিশিষ্ট ব্যক্তিক বিশেষ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে যিজন ব্যক্তিৰ সোঁৱৰণত পুথিভঁৰাল আছে “দীনেশ মিশ্ৰ সোঁৱৰণী শৈক্ষিক বঁটা” গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ, সাহিত্যিক ডাঃ খগেন্দ্ৰ নাৰায়ণ বৰুৱাক। ডাঃ বৰুৱাই চিকিৎসা বিজ্ঞান শিক্ষা তথা কেইবাখনো গ্ৰন্থ ৰচনাৰে সমাজলৈ অনবদ্য বৰঙণি ইতিমধ্যেই আগবঢ়াইছে। তেনেদৰে অসমৰ সংবাদ ক্ষেত্ৰত বিশেষ অবদানেৰে জনতাৰ কন্ঠ দাঙি ধৰি সমাজক নকৈ আগবঢ়াই নিয়াৰ বাবে পুথিভঁৰাল প্ৰতিষ্ঠাপক সভাপতি “শশী শৰ্মা সোঁৱৰণী প্ৰজ্ঞা বঁটা” বিশিষ্ট সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাক প্ৰদান কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে নলবাৰীয়ে নহয় অসমৰ বৌদ্ধিক সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে পুথিভঁৰালৰ প্ৰতিষ্ঠাপক সম্পাদক “কামিনী শৰ্মা শাস্ত্ৰী সোঁৱৰণী বৌদ্ধিক বঁটা” বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীক প্ৰদান কৰা হব।উক্ত বঁটা অহা ১০ জুনত যজ্ঞভূমিত হবলগা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হব বুলিও উদ্যোক্তা সকলে জনাইছে।

প্ৰেৰক প্ৰাঞ্জল শৰ্মা

Featured