সৰ্থেবাৰী ক্ষুদ্ৰ চিনাদীৰ কিশোৰ নাছিৰ আহমেদ নিৰুদ্দেশ

নিয়মীয়া বাৰ্তা, ৩০ মে’ : বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ চিনাদী গাঁৱৰ এগৰাকী ১৪ বছৰীয়া কিশোৰ যোৱা ২৫ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। নিৰুদ্দেশ হোৱা কিশোৰজন ক্ষুদ্ৰ চিনাদী গাঁৱৰ সৰবেশ আলীৰ পুত্ৰ নাছিৰ আলী বুলি জানিব পৰা গৈছে। যোৱা ২৫ মে’ত মাদ্ৰাছালৈ আহিম বুলি ঘৰৰ পৰা ওলাই অহা নাছিৰ আলীয়ে আদবাটৰ পৰাই নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যেই কিশোৰজনৰ নিৰুদ্দেশ সম্পৰ্কত পিতৃয়ে মাজদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। নিৰুদ্দিষ্ট কিশোৰজনৰ কোনোবাই সম্ভেদ পালে ওচৰৰ থানাত নাইবা ৭০৮৬৯৯৫৮৬০ নম্বৰত ফোন কৰিবলৈ কিশোৰজনৰ পিতৃয়ে কাতৰভাবে আহ্বান জনাইছে।

প্ৰেৰক তফিকুৰ ৰহমান

Featured