ৰাষ্ট্ৰীয় ৰেংকিং : ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ২৮সংখ্যক স্থানত ডিব্ৰুগড় বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ আগষ্টঃ ৰাষ্ট্ৰীয় আনুষ্ঠানিক ৰেংকিং ব্যৱস্থাৰ যোগেদি চলিত বৰ্ষত ঘোষণা কৰা ফলাফলত এখন ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে জিলিকি উঠিল নাহৰৰ দেশৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়৷ ইতিমধ্যে ঘোষণা কৰা ফলাফল অনুসৰি দেশৰ বহু ৰাজ্যিক বিশ্ববিদ্যালয়ক পাছত এৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দেশৰ শ্ৰেষ্ঠ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ২৮ সংখ্যক স্থান দখল কৰি সকলোৰে বাবে আনন্দৰ বতৰা কঢ়িয়াই আনিছে৷ ৰাষ্ট্ৰীয় ৰেংকিঙত দেশৰ বিশ্ববিদ্যালয়সমূহৰ মাজত গুৱাহাটী বিশ্ববিদ্যালয়ে ৪০ সংখ্যক স্থান দখল কৰি অনা গৌৰৱৰ সমান্তৰালভাৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শাখাত ২৮ সংখ্যক স্থান দখল কৰাটো যথেষ্ট আশাৰ বাতৰি ৰূপে পৰিগণিত হৈছে৷ উল্লেখযোগ্য যে দেশৰ বিভিন্ন ক্ষেত্ৰৰ ১০,৮০০খন উচ্ছশিক্ষাৰ প্ৰতিষ্ঠানে এইবাৰ এই ৰেংকিঙৰ দৌৰত অৱতীৰ্ণ হৈছিল৷ ইয়াৰে ভিতৰত ৮,৫০০খন আছিল বিশ্ববিদ্যালয়৷ ইমান সংখ্যক বিশ্ববিদ্যালয় আৰু উচ্ছশিক্ষাৰ প্ৰতিষ্ঠানৰ মাজতো ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সৰ্বশ্ৰেষ্ঠ ১০০-১৫০খন শিক্ষানুষ্ঠানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৰাজ্যিক বিশ্ববিদ্যালয় শাখাত গুজৰাট বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়তকৈ ওপৰত স্থান লাভ কৰিছে৷ দেশৰ শ্ৰেষ্ঠ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ তালিকাত ডিব্ৰুগড়ৰ পাছতে গুজৰাট বিশ্ববিদ্যালয়ৰ নাম অন্তৰ্ভুক্ত হৈছে৷ অনলাইন শিক্ষা প্ৰদানৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ১৫১ ভিতৰত ১৩.৫ নম্বৰ লাভ কৰি প্ৰমাণ কৰিছে যে দেশৰ আটাইতকৈ পূৱ প্ৰান্তত অৱস্থিত বিশ্ববিদ্যালয়খনে যুগৰ লগত খাপ খাব পৰাকৈ ইয়াৰ আন্তঃগাথনি তথা ব্যৱস্থাসমূহ উন্নত কৰিবলৈ সক্ষম হৈছে৷ আনহাতে পেটেণ্টৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয়খনে যথেষ্ট ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷ বিশ্ববিদ্যালয়খনে পূৰ্বৰ বৰ্ষত ৪৭টা গৱেষণা প্ৰকল্প চলাই থকাৰ বিপৰীতে বিগত বৰ্ষত এই সংখ্যা ৬৫টালৈ বৃদ্ধি কৰিছে৷ একেদৰেই গৱেষণা প্ৰকল্পৰ বাবে বিভিন্ন পক্ষৰ পৰা পূৰ্বৰ বৰ্ষত ২৫০ লাখ টকা আৱণ্টন পোৱাৰ বিপৰীতে বিগত বৰ্ষত ৯৬০ লাখ টকা আৱণ্টন পাবলৈ সক্ষম হৈছে৷ আনহাতে উন্নত মানৰ গৱেষণা পত্ৰ প্ৰকাশনৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয়খনৰ অধ্যাপকসকলে পূৰ্বতকৈ উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷ এনেবোৰ কাৰকৰ যোগেদি বিশ্ববিদ্যালয়খনে দেশৰ শ্ৰেষ্ঠ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ২৮সংখ্যক স্থান লাভ কৰি ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

Featured