মৰিগাঁৱৰ চাৰণ বিলত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস

🔹 পৰম্পৰাগত নাওখেলৰ শুভাৰম্ভ কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচা

বার্তা বুৰো, ৩১ আগষ্ট : অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস মৰিগাঁও জিলাৰ চাৰণ বিল জলক্ৰীড়া প্ৰকল্পত আজি অনুষ্ঠিত হয়। মেজৰ ধ্যান চান্দৰ সোঁৱৰণত ভাৰত চৰকাৰে উদযাপন কৰি অহা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসটি বিগত বৰ্ষসমূহৰ দৰে এইবাৰ অসম চৰকাৰে মৰিগাঁও জিলাত উদযাপন কৰে৷ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই পৰম্পৰাগত নাওখেলৰ শুভাৰম্ভ কৰাৰ লগতে মেজৰ ধ্যান চান্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পৰ্তুগালৰ পৰা অনা এখন নেল’ বোট খেলুৱৈসকলৰ বাবে মুকলি কৰে। মন্ত্ৰীগৰাকীক সংগ দিয়ে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌচাৰ জামিল হিলালী আৰু মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাই।

Featured