কোনো সন্দেহ নাই, আমি ভাল ফলাফল দেখুৱাম নির্বাচনত

মিত্রজোঁটৰ জয়ত আত্মবিশ্বাসী ড০ শর্মা

নিয়মীয়া বাৰ্তা ২০ এপ্ৰিলঃ  ২ মে’ত হ’ব লগা নির্বাচনৰ ভোটগণনাৰ পাছত ৰাজ্যত কাৰ চৰকাৰ হ’ব, তাক লৈ আৰম্ভ হৈছে ভিন্ন সমীকৰণ–চর্চা৷ ইতিমধ্যে ৰাষ্ট্রীয় সংবাদ মাধ্যমসমূহে অসমত এগ্জিট প’লৰ জৰিয়তে মিত্রজোঁটৰ চৰকাৰ হ’ব বুলি স্পষ্ট কৰি দিছে৷ ভোটগণনালৈ দুটা দিন থকা অৱস্থাত ৰাজ্যৰ শাসক–বিৰোধী উভয়ে চৰকাৰ গঠনৰ পুনৰ সবল দাবী উত্থাপন কৰিছে৷ এনে চর্চাৰ মাজতে আজি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– ভগৱানে যোগ্যজনকহে ৰাজ্যৰ শাসনভাৰ গতাব৷ ভগৱানেও জানে কাৰ হাতত অসমৰ ভৱিষ্যৎ সুৰক্ষিত হৈ থাকিব৷ আজি বিশ্বনাথৰ বৰগাঙত সাংবাদিকৰ আগত এই মন্তব্য কৰাৰ লগতে মন্ত্রীগৰাকীয়ে কয়– নির্বাচনক লৈ মোৰ কোনো সন্দেহ নাই৷ বিজেপি আৰু মিত্রদলে যথেষ্ট ভাল ফলাফল দেখুৱাব৷ ২ মে’লৈ সকলোৱে অপেক্ষা কৰক, ৰাইজে চৰকাৰ গঠনৰ বাবে কাক দায়িত্ব দিব সেয়া স্পষ্ট হ’ব৷ ২ মে’ৰ ভোটগণনাৰ পৰা এই তিনিটা দিনত সকলোৱে নিজকে মুখ্যমন্ত্রী, প্রধানমন্ত্রী আৰু ৰাষ্ট্রপতি বুলি যিধৰণে ইচ্ছা সেই ধৰণে চিন্তা কৰিব পাৰে৷ ২ মে’ৰ দিনা স্পষ্ট হৈ পৰিব প্রকৃততে অসমৰ জনতাই কাক বিচাৰে৷

আনহাতে, অগপৰ সভাপতি অতুল বৰায়ো পুনৰ মিত্রজোঁটৰ চৰকাৰ হ’ব বুলি  মন্তব্য কৰে৷ অগপ সভাপতিজনৰ মন্তব্য– ৰাইজে আমাক আশীর্বাদ দিছে৷ গৰিষ্ঠসংখ্যক আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব পাৰিম৷ পূর্বতকৈ অগপৰ আসনৰ সংখ্যা বৃদ্ধি হোৱাটো নিশ্চিত৷ মিত্রজোঁটৰ এনে দাবীৰ বিপৰীতে মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফৰ বিধায়ক তথা নেতা আমিনুল ইছলামে ৭১–৭২খন আসন দখলেৰে মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে৷ আনহাতে, এ আই ইউ ডি এফে অকলশৰীয়াকৈ ১৭–১৮খন আসনত জয়ী হ’ব বুলিও ধিঙৰ বিধায়কজনে দাবী কৰে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ স্পষ্ট মন্তব্য– অজাপক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে৷ এইবাৰ অজাপ ৰাজনৈতিক ফেক্টৰ হিচাপে থিয় দিব৷ মন কৰিবলগীয়া যে ২ মে’ৰ পাছত কোনে চৰকাৰ গঠন কৰিব, তাক লৈ চলি থকা চর্চাৰ মাজতে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ এগ্জিট প’লত পুনৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটে শাসনলৈ আহিব বুলি স্পষ্ট সমীকৰণ দাঙি ধৰিছে৷
নিউজ লাইভ’ৰ এগজিট প’লত মন্ত্রী ড০ শর্মাই ক’লে–
নিৰংকুশ সংখ্যাগৰিষ্ঠতা পাব মিত্রজোঁটে
অসমত পুনৰ মিত্রজোঁটৰ চৰকাৰ হ’ব বুলি ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ এগজিট প’লে স্পষ্ট কৰি দিয়াৰ পাছত ৰাজ্যজুৰি সৃষ্টি হৈছে নানা চর্চা৷ এনে চর্চাৰ মাজতে ‘নিউজ লাইভ’ৰ এগ্জিট প’লত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মিত্রজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি মন্তব্য কৰিলে৷ মন্ত্রীগৰাকীয়ে কয়– এইবাৰ নির্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ম৷ যোৱাবাৰতকৈ ২–৩খন আসন কম পালেও সন্মানজনক ফলাফলেৰে চৰকাৰ গঠন কৰিম৷ ইফালে বি টি এ ডিত সাধাৰণ ৰাইজে আশা কৰাতকৈ যথেষ্ট ভাল ফলাফল মিত্রজোঁটে লাভ কৰিব বুলিও মন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷ তেওঁ কয়– ইউ পি পি এল আৰু বিজেপিয়ে বিটিচিত আশা নকৰা ফলাফল লাভ কৰিব৷ দুয়ো দলে সন্মিলিতভাৱে চমকপ্রদ সাফল্য লাভ কৰিব৷

Featured