ৱাংখেড়েত কাইলৈ বিশ্বকাপৰ প্রথম ছেমিত ভাৰত-নিউজিলেণ্ড

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰঃ চলিত বিশ্বকাপৰ প্রথমখন ছেমিফাইনেলত কাইলৈ নিউজিলেণ্ডৰ মুখামুখি হ’ব ৰোহিত শর্মাৰ ভাৰত৷ অপৰাজেয়ৰ ধাৰাৰে আত্মবিশ্বাসী ভাৰতে ছেমিফাইনেল খেলিবলৈ সাজু৷ নকআউটত ভাৰতক পৰাজিত কৰা অসম্ভৱ নহয় বুলি সকীয়াই দিছে নিউজিলেণ্ডৰ পেচ বলাৰ ল’কী ফার্গুচনে৷ তেওঁ কয় যে বিৰাট কোহলিহঁতৰ বিৰুদ্ধে তেওঁলোকে পৰিকল্পনাৰে অৱতীর্ণ হ’ব৷ ৱাংখেড়েত খেলিবলৈ নমাৰ প্রাকমুহূর্তত সাংবাদিকৰ আগত ফার্গুচনে কয়– আমি কেইবাখনো মেচ বিজয়ৰ ওচৰলৈ গৈয়ো পৰাজিত হৈছোঁ৷ অৱশ্যে আমি বৃহৎ ৰানত পৰাজিত হোৱা নাই৷ পাকিস্তানৰ হাতত ডার্কৱর্থ লুইছ নিয়মত পৰাজিত হৈছোঁ৷ কিন্তু আমাৰ মনোবল হ্রাস পোৱা নাই৷ কাৰণ ভাল ক্রিকেট খেলিছোঁ৷ সেই প্রদর্শনেই আমি ছেমিফাইনেলত অব্যাহত ৰাখিব বিচাৰোঁ৷ ভাৰত কঠিন প্রতিপক্ষ হ’লেও তেওঁলোকক পৰাজিত কৰা অসম্ভৱ নহয়৷ ফার্গুচনে লগতে কয় যে ছেমিফাইনেললৈ উন্নীত হোৱা আটাইকেইটা দলেই শক্তিশালী৷ প্রতিটো দলতে ভাল ক্রিকেটাৰ আছে৷ গ্রুপ পর্বত ভাৰতৰ সৈতে পৰাজিত হোৱাৰ বিষয়টো মনত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় দলৰ শক্তি আৰু দুর্বলতাৰ কথা তেওঁলোকে ভালকৈয়ে জানে৷ তেওঁ কয়– ভাৰতৰ বিষয়ে আমি সকলো পৰিকল্পনা সাজু কৰিছোঁ৷ প্রত্যেকৰে বাবে সুকীয়া সুকীয়া পৰিকল্পনা আছে৷ সেইবোৰ খেলপথাৰত কামত লগোৱাৰ চেষ্টা কৰিম৷ অৱশ্যে ছেমিফাইনেলত খেলপথাৰ আৰু পিটছে বিশেষ ভূমিকা ল’ব পাৰে বুলিও ধাৰণা কৰে ফার্গুচনে৷ তেওঁ কয়– ৱাংখেড়েত আমি খেলিছোঁ৷ তাৰ খেলপথাৰত বাউন্স অধিক থাকে৷ সেই কথা আমাৰ পেচাৰসকলৰ মনত আছে৷ বেটাৰেও সুবিধা পায়৷ সেইবাবে সমানে সমানে যুঁজ হ’ব৷ আমি সাজু আছো৷

খেলৰ সময়ঃ দিনৰ ২ বজা৷

Featured