ঢেকীয়াজুলিৰ ঠেলামৰাত নতুন আইন সন্দৰ্ভত সজাগতা সভা

বিশেষ বাৰ্তা, ১ জুলাই : ঢেকীয়াজুলিৰ ঠেলামৰাত নাগৰিক সভাৰ লগতে নতুন আইন সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ ঠেলামৰা থানা নাগৰিক সমিতিৰ অধ্যক্ষ পৱিত্ৰ নাথে আঁত ধৰা সভাখনত বিশিষ্ট নাগৰিক ৰাতুল নাথে সভাপতিত্ব কৰে ৷ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই নাগৰিক সভাখনত নতুন আইন সন্দৰ্ভত ৰাইজক অৱগত কৰে । শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই নাগৰিক সভাখনত নতুন আইন সন্দৰ্ভত ৰাইজক অৱগত কৰি কয় যে আজিৰ সভাৰ এটা বিশেষ উদ্দেশ্য আছে ৷ পূৰ্বৰ আইন ইণ্ডিয়ান পেনেল ক’ড ব্ৰিটিছসকল অহাৰ সময়ৰ আইন আছিল । আজিৰে পৰা ইণ্ডিয়ান পেনেল ক’ডৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা হিচাপে নতুন আইন গৃহীত হৈছে । নতুন আইনত অপৰাধীক শাস্তি দিয়াৰ লগতে যিসকল ব্যক্তিৰ ওপৰত অন্যায় হৈছে তেওঁলোকক ন্যায় দিয়াৰ বাবে নতুন আইনখন প্ৰণয়ন কৰা হৈছে। নতুন আইনখন ভাৰতীয় ন্যায় সংহিতাৰ লগতে ভাৰতীয় নাগৰিক সংহিতা হিচাপে শুধৰণি হৈছে । শিশু আৰু নাৰীৰ বাবে এই আইনখন বিশেষ আইন হিচাপে পৰিগণিত হৈছে । নতুন আইনত নাৰীজনিত আৰু শিশুৰ ওপৰত অত্যাচাৰৰ অপৰাধৰ কঠোৰ শাস্তি বিহা  হ’ব । পূৰ্বে ৫১১টা ধাৰা আছিল, বৰ্তমান ৩৫৮টা নতুন ধাৰা প্ৰৱৰ্তন হৈছে ৷ নতুন আইনত ২০টা নতুন অপৰাধ সংযোজন কৰা হৈছে। কিছুমান অপৰাধৰ আইনগত শাস্তি নাছিল, তাৰো শাস্তি বিহা হৈছে। আগৰ অপৰাধৰ জৰিমনাতকৈ বৰ্তমান জৰিমনা বেছিকৈ বৃদ্ধি কৰা হৈছে। আজিৰ পৰা বলৱৎ হোৱা আইনখনত আৰক্ষীয়ে চিজাৰ আৰু চাৰ্জ লিষ্টৰ ভিডিঅ’গ্ৰাফী কৰিব লাগিব, ই বাধ্যতামূলক ৷ এই সকলোধৰণৰ চিজাৰৰ কাম বাধ্যতামূলকভাৱে ভিডিঅ’ কৰিবলৈ আৰক্ষীক নতুন আইনে নিৰ্দেশনা দিছে। ইয়াৰ উদ্দেশ্য হ’ল মানুহৰ মাজত যি সংশয় হৈছিল, সেই সংশয় এতিয়াৰে পৰা নোহোৱা হ’ব। এতিয়াৰে পৰা দোষী সাৰি যাব নোৱাৰিব । এতিয়াৰে পৰা E FIR হ’ব । নাৰীসকলে E গোচৰ তৰিব পাৰিব। যিবিলাক গোচৰ ৰুজো হৈছে, তাৰ তদন্ত কিমান আগবাঢ়িছে, এতিয়াৰে পৰা ৰাইজে আৰক্ষীৰ পৰা সকলো জানিব পাৰিব বুলি মন্তব্য কৰে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই । নাগৰিক সভাত উপস্থিত থাকি নতুন আইনখনক আদৰণি জনাইছে ঢেকীয়াজুলিবাসীৰ লগতে ঠেলামৰাবাসী সৰ্বস্তৰৰ ৰাইজে । বৰছলা মণ্ডল বিজেপিৰ সভাপতি ধ্ৰুৱ কুমাৰ বৰাই নাগৰিক সভাখনত ভাষণ প্ৰদান কৰি নাৰী জাতিৰ গৰিমা নাৰী জাতিয়েই ৰক্ষা কৰিব লাগিব বুলি মন্তব্য কৰে ৷ আমাৰ হাতত থকা এনড্ৰইড মোবাইলৰ ভাল আৰু বেয়া গুণ দুয়োটাৰ বিষয়ে আমি জানিব লাগিব । নতুন আইন সন্দৰ্ভত আমি সকলো সজাগ হ’ব লাগিব বুলি কয় বিজেপি নেতাগৰাকীয়ে । কেহেৰুখণ্ডা হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক ৰবীন নাথে নাগৰিক সভাখনত উপস্থিত থাকি বৰ্তমান সমাজখনত হৈ থকা নাৰকীয় ঘটনাসমূহত উদ্বেগ প্ৰকাশ কৰি নতুন আইনখনে যুগান্তকাৰী পৰিৱৰ্তন আনিব বুলি মন্তব্য কৰে । বিজেপি নেত্ৰী কামিনী কাকতিয়ে গাম্ভীৰ্যপূৰ্ণ সভাখনত ভাষণ প্ৰদান কৰি নতুন আইনখন মহিলাসকলৰ বাবে আশাব্যঞ্জক বুলি মন্তব্য কৰি নাৰীসকলক সকলো ক্ষেত্ৰতে সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনায় । মহিলা নেত্ৰী নূতন সিংহাই ভাষণ প্ৰদান কৰি নতুন আইনখনক আদৰণি জনাই নাৰী সমাজৰ বিৰুদ্ধে হৈ থকা উৎপীড়ন-অত্যাচাৰ বন্ধ কৰাৰ ক্ষেত্ৰত নতুন আইনখনে ব্যাপক অৰিহণা যোগাব বুলি মন্তব্য কৰি কয় যে নতুন আইনখনত নাৰীজনিত অপৰাধৰ বাবে কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰাটো অতি উত্তম হৈছে বুলি মন্তব্য কৰে । সভাপতিৰ মন্তব্যত বিশিষ্ট নাগৰিক ৰাতুল কুমাৰ নাথে নতুন আইন সন্দৰ্ভত গাঁৱে-ভূঞে সজাগতা সৃষ্টি কৰিবলৈ ঠেলামৰা থানা নাগৰিক সমিতিৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰি নতুন আইনখনে যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিব বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ।

প্ৰেৰক কল্পজ্যোতি নাথ

Featured