ৰাজ্যত স্থাপন হ’ব ৯খন মহিলা মহাবিদ্যালয়, ১০খন আইন মহাবিদ্যালয়ঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ ৰাজ্যত শীঘ্ৰেই স্থাপন হ’ব ৯খন মহিলা মহাবিদ্যালয়। ইতিমধ্যে মহাবিদ্যালয়ৰ বাবে অনুমোদন হৈছে ৩০৩.৩ কোটি টকা। দৰং, নগাঁও, কাছাৰ, কৰিমগঞ্জ, বিলাসীপাৰা, গোৱালপাৰা, হাইলাকান্দি, বৰপেটা, গোলকগঞ্জত স্থাপন হ’ব মহাবিদ্যালয় কেইখন।

আনহাতে নতুনকৈ স্থাপন হ’ব ৬খনকৈ ডিগ্ৰী কলেজ। শোণিতপুৰ জিলাৰ বৰছলাত, তিনিচুকীয়া জিলাৰ ডুমডুমাত,মাজুলী, চিৰাং, ওদালগুৰি আৰু বাক্সাত স্থাপন হ’ব মহাবিদ্যালয়কেইখন। ইয়াৰ বাবে অনুমোদন কৰা হৈছে ১০০ কোটি টকা।

১০খন আইন মহাবিদ্যালয় স্থাপনৰ বাবে ৩৩ কোটি টকা ধাৰ্য কৰা হৈছে। ডিব্ৰুগড়, তেজপুৰ, ডিফু, শিলচৰ, উত্তৰ লখিমপুৰ, ৰঙিয়া বিলাসীপাৰা, টিহু, ৰহা আৰু যোৰহাটত স্থাপন হ’ব মহাবিদ্যালয় কেইখন। ৩১ ডিচেম্বৰৰ আগতেই আধাৰশিলা স্থাপন কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।